• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: এতিয়াৰ পৰা 'স্নাতক শিক্ষক' আৰু 'স্নাতকোত্তৰ শিক্ষক' নাথাকিব! নতুন নামেৰে জানিব কি বুলি?

Himanta Biswa Sarma: এতিয়াৰ পৰা 'স্নাতক শিক্ষক' আৰু 'স্নাতকোত্তৰ শিক্ষক' নাথাকিব! নতুন নামেৰে জানিব কি বুলি?

Himanta Biswa Sarma: শিক্ষক নিযুক্তি সম্পৰ্কীয় নিয়ম সংশোধনৰ বাবে কমিটি সমিতি গঠন।

Himanta Biswa Sarma: শিক্ষক নিযুক্তি সম্পৰ্কীয় নিয়ম সংশোধনৰ বাবে কমিটি সমিতি গঠন।

Himanta Biswa Sarma: শিক্ষক নিযুক্তি সম্পৰ্কীয় নিয়ম সংশোধনৰ বাবে কমিটি সমিতি গঠন।

  • Share this:
দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr Himanta Biswa Sharma)ই ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া (District Primary Education Officer) আৰু বিদ্যালয় পৰিদৰ্শক (School Inspector) সকলৰ সৈতে শিক্ষা বিভাগ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰে ৷ এই বৈঠকত বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে আৰু লগতে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ৷

১) 'স্নাতক শিক্ষক' (Graduate Teacher) আৰু 'স্নাতকোত্তৰ শিক্ষক' (Post Graduate Teacher)ৰ নামকৰণ বাতিল কৰি এনে সকলো বিদ্যমান পদক 'বিদ্যালয় শিক্ষক' (School Teacher) হিচাপে জনা যাব । 'বিদ্যালয় শিক্ষক' পদৰ বাবে মৌলিক শিক্ষাগত অৰ্হতা হ'ব স্নাতকোত্তৰ ৷

২) শিক্ষক নিযুক্তি সম্পৰ্কীয় সকলো নিয়ম সংশোধনৰ বাবে এখন সমিতি গঠন কৰা হ'ব ।

৩) ২০২২ চনৰ মাৰ্চৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণ সম্পূৰ্ণ কৰা হ’ব ।

৪) চাহ বাগিচাৰ সকলো নিৰ্মাণাধীন উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব যাতে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত নতুন বিদ্যালয় ভৱন উদ্বোধন কৰিব পৰা যায় ।

৫)  চাহ বাগিচা ব্যৱস্থাপনাই পৰিচালনা কৰা ৩৯৯খন বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ'ব ।

দেওবাৰ বৈঠকত আদৰ্শ বিদ্যালয়  (Model School) নিৰ্মাণৰ অগ্ৰগতি, নিযুক্তি সম্পৰ্কীয় বিষয়, শিক্ষাৰ্থীসকলৰ টিকাকৰণ আৰু শিক্ষকৰ পেঞ্চন সম্পৰ্কীয় বিষয় সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় । বৈঠকত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু  (Education Minister Dr Ranoj Pegu) উপস্থিত আছিল ৷
Published by:Manjumoni Borah
First published: