• Home
  • »
  • News
  • »
  • assam
  • »
  • এখন চৰকাৰী পত্ৰই এতিয়া শংকিত কৰি তুলিছে চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ তিনি শতাধিক লোকক, কি এই পত্ৰ

এখন চৰকাৰী পত্ৰই এতিয়া শংকিত কৰি তুলিছে চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ তিনি শতাধিক লোকক, কি এই পত্ৰ

প্ৰায় ৪ দশক ধৰি চৰকাৰী সা-সুবিধা গ্ৰহণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি অহা লোকসকলৰ টোপনি হৰিছে চৰকাৰী পত্ৰই।

প্ৰায় ৪ দশক ধৰি চৰকাৰী সা-সুবিধা গ্ৰহণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি অহা লোকসকলৰ টোপনি হৰিছে চৰকাৰী পত্ৰই।

প্ৰায় ৪ দশক ধৰি চৰকাৰী সা-সুবিধা গ্ৰহণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি অহা লোকসকলৰ টোপনি হৰিছে চৰকাৰী পত্ৰই।

  • Share this:
খিলঞ্জীয়াৰ চৰকাৰৰ কাৰ্যকালতে গৃহহীন হোৱাৰ আশংকাত শংকিত একাংশ খিলঞ্জীয়া। এখন চৰকাৰী পত্ৰই এতিয়া শংকিত কৰি তুলিছে একাংশ খিলঞ্জীয়াক।

কামৰূপ মহানগ (Kamrup Metro)ৰ জিলাৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰ (Chandrapur Revenue Circle)ৰ অন্তৰ্গত সূতাকল মিলন নগৰ, অৰণ্য নগৰ, আকাশী নগৰ আৰু শিঙিমাৰী গাঁৱৰ প্ৰায় তিনি শতাধিক পৰিয়াললৈ নামি আহিছে আমানিশা। কিয়নো শুকুৰবাৰে এই তিনি শতাধিক পৰিয়াললৈ চন্দ্ৰপুৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ পৰা প্ৰেৰণ কৰা হৈছে ঘৰ খালী কৰাৰ এক নিৰ্দেশনা। নিৰ্দেশনা পত্ৰ পোৱা মাত্ৰকে এতিয়া শংকিত হয় পৰিছে ৰাইজ।

জানিব পৰা মতে বিগত প্ৰায় ৪ দশক ধৰি এই অঞ্চলৰ খিলঞ্জীয়া লোকে সম্পূৰ্ণ চৰকাৰী সা-সুবিধা গ্ৰহণ কৰি এই অঞ্চলৰ নামতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। কিন্তু চৰকাৰী নিৰ্দেশনা পত্ৰখনে এতিয়া বিপাঙত পেলাইছে এই সকললোকক। কিয়নো এই সকল লোক এতিয়া ক'লৈ যাব কি কৰিব।

এতিয়া নিৰ্দেশনা পত্ৰ খনক লৈ খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ জনাইছে কাতৰ আহ্বান।
Published by:Manjumoni Borah
First published: