• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী মহানগৰীত বন্ধ হ'ব পেট্ৰ'ল আৰু ডিজেল চালিত বাহনঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

গুৱাহাটী মহানগৰীত বন্ধ হ'ব পেট্ৰ'ল আৰু ডিজেল চালিত বাহনঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

মহানগৰীৰ ৰাজপথত চলিব বিদ্যুত চালিত দুশখন বাহন।

মহানগৰীৰ ৰাজপথত চলিব বিদ্যুত চালিত দুশখন বাহন।

মহানগৰীৰ ৰাজপথত চলিব বিদ্যুত চালিত দুশখন বাহন।

  • Share this:
গুৱাহাটী মহানগৰীৰ ৰাজপথত বন্ধ হ'ব পেট্ৰ'ল আৰু ডিজেল চালিত বাহন ৷ ৰাজ্যৰ পৰিবহন বিভাগে বন্ধ কৰিব পেট্ৰ'ল আৰু ডিজেল চালিত বাহন ৷ কাৰণ গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব বিদ্যুত চালিত বাহন ৷ আজি এই কথা জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোটৰ প্ৰাৰ্থী মণ্টু বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয়, সম্প্ৰতি মহানগৰীত বিশ খন বিদ্যুত চালিত বাহন চলি আছে ৷ অচিৰেই গুৱাহাটী মহানগৰীলৈ আহিব দুশখন বিদ্যুত চালিত বাছ ৷ এই বাছ সমূহ আহিলেই মহানগৰীত বন্ধ কৰিম পেট্ৰল আৰু ডিজেল চালিত বাহন ৷ প্ৰদূষণ মুক্ত কৰাৰ বাবে সকলোৱে নিজৰ বাহনসমূহ চিএচজি নাইবা বিদ্যুত চালিত কৰিব লাগিব ৷ আনকি সমগ্ৰ ৰাজ্যতে বাহনসমূহ বিদ্যুত চালিত কৰিব বুলি জানিব দিয়ে  মন্ত্ৰী পাটোৱাৰীয়ে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈও মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাতো মুখ্যমন্ত্ৰীৰ কৰ্তৃত্ব বুলি জানিব দি মন্ত্ৰীগৰাকীয়ে নিজৰ দপ্তৰ সলনি সন্দৰ্ভতো কয় যে, এই বিষয়ত মই কোনো মন্তব্য নিদিও ৷ মুখ্যমন্ত্ৰীয়ে যি কৰে ৷

প্ৰণিধানযোগ্য যে ৰাজ্যত বন্ধ হৈ থকা উদ্যোগ সমূহৰ কৰ্মচাৰীসকলে সকলো ধৰণৰ ধন লাভ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে জানিব দি বন্ধ হৈ পৰা কাপোৰ আৰু সূতা উদ্যোগসমূহ আৰু মুকলি কৰিব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয় যে, গুজৰাটৰ পৰা চীজ আনি ইয়াত আৰু সূতা তৈয়াৰ কৰিব নোৱাৰি ৷ বিশেষকৈ টিহুৰ নাথকুছিত থকা সূতা উদ্যোগটোৰ সলনি ফুডপাৰ্ক নিৰ্মাণৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সূতা উদ্যোগটোৰ স্থানত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে ৷
Published by:Himangshu Bhuyan
First published: