মহানগৰীৰ গড়ভাঙা বনাঞ্চলৰ পৰা ৩০ জুনত সন্ধানহীন হোৱা দুই ব্যৱসায়ীৰ অৱশেষত ওলাল সন্ধান৷ গড়চুক আৰক্ষীৰ সঠিক অভিযানত ৰাণী বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় দুই ব্যৱসায়ীক ৷
উদ্ধাৰৰ পিছতে এতিয়া দুয়োগৰাকী ব্যৱসায়ীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে জনাইছে। ঘন জংঘলৰ মাজে মাজে চকুত কাপোৰ বান্ধি, সৰু সৰু পথৰ মাজৰে দুৰ্বৃত্তই লৈ গৈছিল গোপন স্থানলৈ ৷ নিশা বহু পথ অতিক্ৰম কৰি লাভ কৰিছিল নিৰ্দিষ্ট স্থান ৷ অতিক্ৰম কৰা পথত কাটি কাটি পেলাই দিছিল গছ ৷ ১০, ১৫ জনীয় দলে আগভেটি ধৰি দুয়োগৰাকী ব্যৱসায়ীক লৈ গৈছিল অজ্ঞাত স্থানলৈ।
দুয়োগৰাকী ব্যৱসায়ীৰ পৰিয়ালক বিভিন্ন ভয় ভাবুকিৰে দুদিনৰ অন্তৰে অন্তৰে এটা বিশেষ ফোন নম্বৰৰ পৰা ফোন কৰিছিল অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ভদ্ৰেশ্বৰ টিমুং নামৰ লোকজনে। লগতে এটা নিৰ্দিষ্ট স্থানত পৰিয়ালৰ লোকে টিমুঙক লগ ধৰিবলৈ এটা ঠিকনা প্ৰদান কৰে।শুকুৰবাৰে আৰক্ষীক লগত লৈ সেই নিৰ্দিষ্ট ঠাইত উপস্থিত হয় পৰিয়ালৰ লোক।
আৰু যেতিয়াই টিমুং সহ অন্য কেইজন মান অপহৰণকাৰী সেই ঠাইলৈ আহে, তেতিয়াই আৰক্ষীয়ে গুলীচালনা কৰে। পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুটা অপহৰণকাৰী। অৱশ্যে সৌভাগ্য ক্ৰমে ঘটনাত জড়িত মূল অপৰাধী ভদ্ৰেশ্বৰ টিমুংক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সময় হয় ৷ আৰু টিমুঙৰ জৰিয়তে দুয়োগৰাকী অপহৃত ব্যৱসয়ীক উদ্ধাৰ কৰে আৰক্ষীয়ে।
ইপিনে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ হৈছিল আন তিনি দুৰ্বৃত্ত ৷ ইয়াৰে দুগৰাকী পুৰুষ আন এগৰাকী মহিলা ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|