দ্য শ্বাৰ’ন হেয়াৰ এণ্ড স্পা চেলুনৰ কোনো ট্ৰেড লাইচেন্স নাই বুলি জানিব পৰা গৈছে।
দ্য শ্বাৰ’ন হেয়াৰ এণ্ড স্পা চেলুনৰ কোনো ট্ৰেড লাইচেন্স নাই বুলি জানিব পৰা গৈছে।
মহানগৰীৰ দ্য শ্বাৰ’ন হেয়াৰ এণ্ড স্পা চেলুনখনত আজি GMCয়ে অভিযান চলায়।
পৌৰ নিগমৰ বিষয়া কুমাৰ পাৰ্থ প্রতিমৰ নেতৃত্বত চলা এই অভিযানত
সন্দেহজনক অৱস্থাত যুৱক-যুৱতী ধৰা পৰে (Boy and Girl caught in suspicious condition)।
দীৰ্ঘদিন ধৰি এই হেয়াৰ এণ্ড স্পা চেলুনখনত অনৈতিক কাৰ্য চলাৰ অভিযোগ উত্থাপন হৈ আছিল (allegations of unethical practices)। আনহাতে জিএমচি কৰ্তৃপক্ষই গুৱাহাটীৰ ইউনিছেক্স পাৰ্লাৰৰ ক্ষেত্ৰত কিছুমান নীতি-নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু এই নতুন নীতি নিৰ্দেশনা অমান্য কৰিছিল দ্য শ্বাৰ’ন হেয়াৰ এণ্ড স্পা চেলুনে (GMC Raid in Spa Salon)।
অভিযানকালত চেলুনৰ এটা চেম্বাৰত এগৰাকী ছোৱালী উপস্থিতিত এগৰাকী যুৱকে নগ্ন অৱস্থাত গা ধুই থকা প্ৰত্যক্ষ কৰে অভিযানকাৰী দলে। এই ঘটনাত তিনিগৰাকী যুৱতীসহ এগৰাকী যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰিছে। উল্লেখ্য, দ্য শ্বাৰ’ন হেয়াৰ এণ্ড স্পা চেলুনৰ কোনো ট্ৰেড লাইচেন্স নাই বুলি জানিব পৰা গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|