• Home
  • »
  • News
  • »
  • assam
  • »
  • Job Scam: পূৰ্বৰ চৰকাৰৰ সময়ত গুৱাহাটী পৌৰ নিগমত চাকৰিৰ নামত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্নীতি ! তদন্তত পোহৰলৈ আহিছে সকলো তথ্য...

Job Scam: পূৰ্বৰ চৰকাৰৰ সময়ত গুৱাহাটী পৌৰ নিগমত চাকৰিৰ নামত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্নীতি ! তদন্তত পোহৰলৈ আহিছে সকলো তথ্য...

পূৰ্বৰ চৰকাৰৰ সময়ত গুৱাহাটী পৌৰ নিগম (GMC)ত চাকৰিৰ নামত ভয়াবহ দুৰ্নীতি সংঘটিত হৈছিল। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ জৰিয়তে তদন্ত কৰিছে চৰকাৰে। সংবাদ মেলত জনালে মন্ত্ৰী অশোক সিংঘালে।

  • Share this:
ড: হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নেতৃত্বত ৰাজ্যত চৰকাৰ গঠন হোৱাৰ পিছতে পূৰ্বৰ চৰকাৰৰ সময়ত চাকৰিৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া তদন্ত আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ জৰিয়তে তদন্ত কৰিছে চৰকাৰে।

চাকৰিৰ নামত হোৱা দুৰ্নীতিৰ দোষী সাব্যস্ত হোৱা ৪০ জন কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ওলাইছে চৰকাৰে। শনিবাৰে সংবাদ মাধ্যমক এই কথা জনাই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে। ৪০ গৰাকী কৰ্মচাৰী দোষী হৈছে বুলি তদন্ত ইয়াতেই শেষ হৈ যোৱা নাই। এই কাণ্ডত যিসকল বিষয়া, কৰ্মচাৰী, মন্ত্ৰী আমোলা জড়িত আছে সকলোৰে বিৰুদ্ধে তদন্ত হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। বিষয়া, মন্ত্ৰী কোনো আইনৰ ঊৰ্দ্ধত নহয়। ৪০ জনৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ  আইনগত ব্যবস্থা লোৱা হ'ব বুলি সংবাদ মেলত আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। সেয়া থানাত গোচৰ ৰুজু হব পাৰে, মুখ্যমন্ত্ৰী ভিজিলেন্স বা চিবিআই যিকোনো পৰ্যায়ত তদন্ত হব পাৰে বুলিও কয় মন্ত্ৰী অশোক সিংঘালে।
Published by:Kokil Sarma
First published: