গুৱাহাটীত পাৰ্কিং ফিজ ফিক্সড কৰিলে GMC-এ, জানক কোনখন বাহনৰ কিমান পাৰ্কিং ৰেট

News18 Assam | News18-Assam
Updated:November 21, 2020, 10:43 AM IST
গুৱাহাটীত পাৰ্কিং ফিজ ফিক্সড কৰিলে GMC-এ, জানক কোনখন বাহনৰ কিমান পাৰ্কিং ৰেট
একাংশ অসাধু এজেণ্টে  মন গ’লেই বৃদ্ধি কৰে পাৰ্কিং ফিজ

একাংশ অসাধু এজেণ্টে  মন গ’লেই বৃদ্ধি কৰে পাৰ্কিং ফিজ

  • News18 Assam
  • Last Updated: November 21, 2020, 10:43 AM IST
  • Share this:
একাংশ অসাধু এজেণ্টে  মন গ’লেই বৃদ্ধি কৰে পাৰ্কিং ফিজ। যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে মহানগৰবাসী। কিন্তু এতিয়াৰ পৰা নোৱাৰিব মন গ’লেই পাৰ্কিং ফিজ বৃদ্ধি কৰিব। এই সমূহ আঁসোৱাহৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনে নিৰ্ধাৰণ কৰি দিলে পাৰ্কিং ফিজ। দুচকীয়া বাহন, গাড়ী আৰু ট্ৰাকৰ বাবে পাৰ্কিং ফিজ ফিক্সড কৰা হৈছে। জি এম চিয়ে আনকি অসাধু এজেণ্টৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনাইছে ৰাইজক।

কোনখন বাহনৰ কিমান পাৰ্কিং ৰেট?




  • দুঘণ্টাৰ বাবে দুচকীয়া বাহন পাৰ্ক কৰিলে ৫ টকা। দুঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব পাঁচ টকাকৈ।

  • প্ৰথম দুই ঘণ্টাত চাৰিচকীয়া বাহনৰ পাৰ্কিং ৰেট ১০ টকা। সেইদৰে দুঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব দহ টকাকৈ।

  • একেদৰে ট্ৰাকৰ প্ৰাকিং ৰেট ২০ টকা।



জি এম চিয়ে বান্ধি দিয়া নিয়ম অমান্য কৰিলে কমপ্লেইন দিয়াৰো সুবিধা প্ৰদান কৰিছে। সেইদৰে যিকোনো তথ্যৰ বাবে জি এম চিৰ কণ্ট্ৰ’ল ৰুমৰ 8811007000, 7399003001, 7399003002, 7399003003, 739900300 নম্বৰত যোগাযোগ কৰিব পাৰিব।
Published by: Himangshu Bhuyan
First published: November 21, 2020, 10:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading