মহানগৰীত হোঁকাবাৰ–ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ, নামানিলে পৌৰ নিগমে ল'ব আইনী ব্যৱস্থা

News18 Assam | News18-Assam
Updated:June 9, 2021, 9:08 PM IST
মহানগৰীত হোঁকাবাৰ–ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ, নামানিলে পৌৰ নিগমে ল'ব আইনী ব্যৱস্থা
ৰাজহুৱা স্থান অথবা হোটেল, ৰেষ্টুৰেণ্টৰ লগতে বাৰত হোঁকা আৰু ধূপপান কৰাসকলে নিজৰ লগতে আনৰ স্বাস্থ্যৰ প্রতি ভাবুকি মাতিব পাৰে৷

ৰাজহুৱা স্থান অথবা হোটেল, ৰেষ্টুৰেণ্টৰ লগতে বাৰত হোঁকা আৰু ধূপপান কৰাসকলে নিজৰ লগতে আনৰ স্বাস্থ্যৰ প্রতি ভাবুকি মাতিব পাৰে৷

  • Share this:

গুৱাহাটী মহানগৰীত কোৰোণা মহামাৰীৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। পৌৰ নিগমে হোটেল, ৰেষ্টুৰেণ্ট, বাৰ আৰু ৰাজহুৱা স্থানত হোঁকা অথবা ধূমপান নিষিদ্ধ ঘোষণা কৰিছে৷ ৰাজহুৱা স্থান অথবা হোটেল, ৰেষ্টুৰেণ্টৰ লগতে বাৰত হোঁকা আৰু ধূপপান কৰাসকলে নিজৰ লগতে আনৰ স্বাস্থ্যৰ প্রতি ভাবুকি মাতিব পাৰে৷ সেয়েহে পৰৱর্তী নির্দেশনা জাৰি নকৰাপর্যন্ত জি এম চিয়ে বাৰ আৰু ৰাজহুৱা স্থানত মুকলিভাৱে ধূমপান অথবা হোঁকা সেৱন নিষিদ্ধ ঘোষণা কৰিছে৷


বিশেষকৈ আৰ জি বৰুৱা ৰোডৰ এডিক্টেট, জি এছ ৰোডৰ ক্লাউড–৭, গণেশগুৰিৰ হাইড আউট, খানাপাৰাৰ হোটেল পেলেচিঅ’, আৰ জি বৰুৱা ৰোডৰ ৰাছ এণ্টাৰটেইনমেণ্ট, জি এছ ৰোডৰ আই এন ভি এণ্টাৰপ্রাইজ আৰু দীঘলীপুখুৰী পাৰৰ বাইদাৱেত পৰৱর্তী নির্দেশনা জাৰি নকৰাপর্যন্ত হোঁকা সেৱন নিষিদ্ধ ঘোষণা কৰা হৈছে৷


 জি এম চিৰ নির্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জি এম চি কর্তৃপক্ষই জানিবলৈ দিছে৷ ইতিমধ্যে এই সকলো নিৰীক্ষণ কৰিবৰ বাবে শীঘ্ৰে আৰক্ষী বিভাগে গঠন কৰিব টাস্ক ফ'ৰ্চ।নিৰ্দেশনা অৱমাননা কৰিলে লোৱা হ'ব বিহিত ব্যৱস্থা।

Published by: Gautam Barman
First published: June 9, 2021, 9:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি