কাৰ্ফিউৰ সময়ত ৰাজনৈতিক নেতাই কাঢ়িলে নেকি গীতানগৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শকৰ চাকৰি ? সংবাদমাধ্যমৰ আগত কি ক'লে নিলম্বিত আৰক্ষীয়ে ?

News18 Assam | News18-Assam
Updated:June 3, 2021, 2:04 PM IST
কাৰ্ফিউৰ সময়ত ৰাজনৈতিক নেতাই কাঢ়িলে নেকি গীতানগৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শকৰ চাকৰি ? সংবাদমাধ্যমৰ আগত কি ক'লে নিলম্বিত আৰক্ষীয়ে ?
যি সময়ত নিষ্ঠা সহকাৰে সেৱা আগবঢ়োৱা আৰক্ষীক পুৰস্কৃত কৰিব লাগিছিল সেই সময়তে সান্ধ্য আইন উলংঘা কৰা এজন বিজেপি নেতাক সান্ধ্য আইন উলংঘা কৰাত বাধা প্ৰদান কৰাৰ বাবে আৰক্ষী বিষয়াক নিলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে নিলম্বিত আৰক্ষীয়ে।

যি সময়ত নিষ্ঠা সহকাৰে সেৱা আগবঢ়োৱা আৰক্ষীক পুৰস্কৃত কৰিব লাগিছিল সেই সময়তে সান্ধ্য আইন উলংঘা কৰা এজন বিজেপি নেতাক সান্ধ্য আইন উলংঘা কৰাত বাধা প্ৰদান কৰাৰ বাবে আৰক্ষী বিষয়াক নিলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে নিলম্বিত আৰক্ষীয়ে।

  • Share this:
যি সময়ত নিষ্ঠা সহকাৰে সেৱা আগবঢ়োৱা আৰক্ষীক পুৰস্কৃত কৰিব লাগিছিল সেই সময়তে সান্ধ্য আইন উলংঘা কৰা এজন ৰাজনৈতিক নেতাক সান্ধ্য আইন উলংঘা কৰাত বাধা প্ৰদান কৰাৰ বাবে নিষ্ঠাবান আৰক্ষী বিষয়াক নিলম্বন কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজনৈতিক নেতাৰ আক্ৰোশৰ বলি হোৱা অভিযোগ কৰা উপ পৰিদৰ্শক জন হৈছে গীতানগৰ থানাৰ ফুলেশ্বৰ কোঁৱৰ। নিলম্বিত আৰক্ষীগৰাকীয়ে সংবাদ মাধ্যমক কোৱা অনুসৰি- "যোৱা ২৮ মে'ৰ নিশা আঠ বজাত গীতানগৰ থানৰ উপ পৰিদৰ্শক ফুলেশ্বৰ কোঁৱৰৰ নেতৃত্বত CRPF আৰু আৰক্ষী বাহিনীয়ে জু ৰোড তিনিআলিৰ ৰাজপথত কৰ্তব্য কৰি আছিল। ঠিক সেই সময়তে ভাস্কৰ নগৰৰ বাসিন্দা তথা বিজেপি নেতা প্ৰবীণ বৈশ্য নামৰ লোকজনে এখন চাইকেল লৈ সান্ধ্য আইন উলংঘা কৰি ৰাজপথত ঘূৰি আছিল। কর্তব্যৰত CRPF ৰ দলে প্ৰবীণ বৈশ্যক ৰখাই তেওক সোধা পোছ কৰাত বৈশ্যই নিজকে ৰাজনৈতিক নেতা বুলি চিনাকি দি গালি গালাজ কৰি ভাবুকি প্ৰদান কৰে। ইয়াতে ক্ষুণ্ণ হৈ CRPF ৰ দলটোৱে বৈশ্যৰ ওপৰত লাঠীচালনা কৰে। ঘটনাস্থলীৰ পৰা বহু দূৰত কৰ্তব্য সমাধা কৰা SI ফুলেশ্বৰ কোঁৱৰে ঘটনাটো প্ৰত্যক্ষ কৰি দৌৰি আহি CRPF ৰ জোৱানসকলক বাধা প্ৰদান কৰি বিজেপি নেতাজনক থানালৈ পঠিয়াই দিয়ে।"

ইয়াৰ পিছতে নিলম্বিত উপ পৰিদৰ্শকগৰাকীয়ে কয় যে DCP কাৰ্য্যালয়ৰ পৰা ফোন কৰি SI ফুলেশ্বৰ কোঁৱৰক আৰু কৰ্তব্যৰত আৰক্ষীৰ দলটোক DCP কাৰ্যালয়লৈ মাতি পঠিয়াই। আৰক্ষীৰ দলটো DCP ৰ কাৰ্যালয়ত উপস্থিত হোৱাত তেওঁলোকক DCP য়ে শোধ-পোছ কৰি SI কোঁৱৰ আৰু দুজন কনিষ্টবলক নিলম্বন কৰা বুলি নিৰ্দেশ পত্ৰ প্ৰদান কৰে। এই নিৰ্দেশ পত্ৰ লাভ কৰি আটাইকেইজন আৰক্ষীয়ে হতভম্ব হৈ পৰে। কিয়নো সান্ধ্য আইন ভঙ্গকাৰীসকলৰ বিৰুদ্ধে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে হত্যাৰ ভাবুকি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হ'ব বুলি ঘোষণা কৰিছিল। তেনেস্থলত এজন দক্ষ আৰক্ষী বিষয়াক নিলম্বন কৰাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
First published: June 3, 2021, 1:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি