গৌৰৱ গগৈৰ সিদ্ধান্তৰ কথা শুকুৰবাৰে সংবাদ মেলযোগেও জনায় দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই।
গৌৰৱ গগৈৰ সিদ্ধান্তৰ কথা শুকুৰবাৰে সংবাদ মেলযোগেও জনায় দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই।
AIUDFৰ সৈতে তাৎক্ষণিকভাৱে মিত্ৰতা ভংগৰ আনুষ্ঠানিক প্ৰস্তাৱ দিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ কংগ্ৰেছৰ উপ–দলপতি গৌৰৱ গগৈয়ে। শুকুৰবাৰে ৰাজীৱ ভৱনলৈ গৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক মিত্ৰতা ভংগৰ বাবে ব্যক্তিগতভাৱে নিজৰ মতামত প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। লোকসভাৰ কংগ্ৰেছৰ উপ–দলপতি গৌৰৱ গগৈয়ে AIUDFৰ সৈতে তাৎক্ষণিকভাৱে মিত্ৰতা ভংগ কৰি ৰাজ্যৰ ১২৬টা সমষ্টিতে কংগ্ৰেছক এককভাৱে শক্তিশালী কৰাৰ পষোকতা কৰে।
AIUDFক কোনো ধৰণৰ সমালোচনা নকৰিলেও নিজৰ দলক অনাগত দিনত অধিক শক্তিশালী কৰাৰ স্বাৰ্থতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক নিজৰ মতামত জনাই সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ সিদ্ধান্তৰ কথা শুকুৰবাৰে সংবাদ মেলযোগেও জনায় দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই।
উল্লেখযোগ্য যে কংগ্ৰেছৰ বিভিন্ন শীৰ্ষ নেতা আৰু তৃণমূল কৰ্মীয়ে তাৎক্ষণিকভাৱে এআইইউডিএফৰ সৈতে মিত্ৰতা ভংগ হোৱাটো বিচাৰে। তেনেক্ষেত্ৰতেই যিকোনো মুহূৰ্তত দুয়োটা বিৰোধী দলৰ মাজত মিত্ৰতা ভংগ হোৱাৰ পূৰ্ণ সম্ভৱনা আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|