• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati University Exam: অনলাইন হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা। ১ জুনৰ পৰা ১৫ জুনলৈ স্নাতকোত্তৰৰ পৰীক্ষা আৰু দ্বিতীয় সপ্তাহৰ পৰা স্নাতকৰ পৰীক্ষা।

Guwahati University Exam: অনলাইন হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা। ১ জুনৰ পৰা ১৫ জুনলৈ স্নাতকোত্তৰৰ পৰীক্ষা আৰু দ্বিতীয় সপ্তাহৰ পৰা স্নাতকৰ পৰীক্ষা।

স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ ১ জুনত আৰম্ভ হ'ব আৰু ১৫ জুনত অন্ত পৰিব। আনহাতে স্নাতক মহলাৰ পৰীক্ষাসমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব।

স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ ১ জুনত আৰম্ভ হ'ব আৰু ১৫ জুনত অন্ত পৰিব। আনহাতে স্নাতক মহলাৰ পৰীক্ষাসমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব।

স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ ১ জুনত আৰম্ভ হ'ব আৰু ১৫ জুনত অন্ত পৰিব। আনহাতে স্নাতক মহলাৰ পৰীক্ষাসমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব।

  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা হ’ব অনলাইনযোগে। এক বৈঠকৰ অন্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কোভিড ১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ অনলাইন মাধ্যমেৰে হ'ব পৰীক্ষাসমূহ।

এই সংক্ৰান্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই এখন জাননী জাৰি কৰিছে। এই জাননী অনুসৰি স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ ১ জুনত আৰম্ভ হ'ব আৰু ১৫ জুনত অন্ত পৰিব।

আনহাতে স্নাতক মহলাৰ পৰীক্ষাসমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব।

অনলাইনত মাধ্যমৰ Open Book Systemৰ জৰিয়তে অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পৰীক্ষা। অনলাইন মাধ্যমৰ পৰীক্ষা সন্দৰ্ভত অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ তৰফৰ পৰা বিস্তাৰিতভাৱে প্ৰকাশ কৰা হ'ব SOP.

উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  প্ৰতাপজ্যোতি সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এখন বৈঠক। বৈঠকত উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা, অসম কলেজ অধ্যক্ষ সংস্থা, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি-সম্পাদকসকল। লগতে উপস্থিত আছিল বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰক, শ্ৰেণীসমূহৰ সচিব, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অধ্যক্ষ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিতকৰণক লৈ বিগত কেইবাদিন ধৰি অব্যাহত আছিল বিভিন্ন চৰ্চা। পৰীক্ষা পিছুৱাই দিয়া অথবা অনলাইন মাধ্যমেৰে অনুষ্ঠিতকৰণৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয় চৌহদত ৰূপায়ণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীও।
Published by:Manjumoni Borah
First published: