শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়। প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ পৰীক্ষাসমূহ সাময়িকভাৱে পিছুৱাবলৈ এই প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত বহি পৰিছে শ শ শিক্ষাৰ্থী।
শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়। প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ পৰীক্ষাসমূহ সাময়িকভাৱে পিছুৱাবলৈ এই প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত বহি পৰিছে শ শ শিক্ষাৰ্থী।
শ শ শিক্ষাৰ্থীৰ প্ৰতিবাদত পুনৰ উত্তাল হৈ পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শাখাৰ প্ৰথম ষান্মাসিক আৰু তৃতীয় ষান্মাসিকৰ পৰীক্ষাসমূহ সাময়িকভাৱে পিছুৱাবলৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছে শিক্ষাৰ্থীসকলে।
উল্লেখ্য যে, বিগত ২১ জানুৱাৰীৰ পৰা স্নাতকোত্তৰ শাখাৰ প্ৰথম ষান্মাসিক আৰু তৃতীয় ষান্মাসিকৰ অফলাইন পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বৰ্ধিত ক'ৰোণাক্ৰান্তৰ সংখ্যা তথা অসম্পূৰ্ণ ছিলেবাছৰ প্ৰতি লক্ষ্য ৰাখি ২৭ জানুৱাৰীলৈকে পিছুৱাই দিয়া হৈছিল অৰ্থাৎ কাইলৈৰ পৰা অৱশিষ্ট পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল।এতিয়া শিক্ষাৰ্থীসকলে উল্লেখ কৰিছে যে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ছিলেবাছসমূহ সম্পূৰ্ণ হৈছে যদিও তেওঁলোক এতিয়াও পৰীক্ষাৰ বাবে সাজু হোৱা নাই। লগতে বহু সহপাঠী এতিয়াও ক'ভিড তথা আন বেমাৰত আক্ৰান্ত বুলিও উল্লেখ তেওঁলোকৰ। যাৰ বাবে তেওঁলোকৰ সুবিধা হোৱাকৈ অন্ততঃ ২০ দিনৰ অধ্যয়ন বিৰতি (Study leave) দিবলৈ আহ্বান জনাইছে। যাৰ বাবে বিভিন্ন শ্লোগানৰে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত বহি পৰিছে শ শ শিক্ষাৰ্থী।এইখিনিতে আন এক উল্লেখনীয় কথা যে, শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্পষ্টৰূপত জনাইছে যে তেওঁলোকে অনলাইন পৰীক্ষা বিচৰা নাই আৰু তেওঁলোক অফলাইন পৰীক্ষাৰহে পক্ষপাতী। বাতৰি লিখা পৰ্যন্ত প্ৰতিবাদত বহি থকা শিক্ষাৰ্থীসকলৰ সৈতে কৰ্তৃপক্ষই কেইবাবাৰো আলোচনাত বহিছে যদিও দুয়োপক্ষই ঐক্যমতত উপনীত হ'ব পৰা নাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|