বিশ্ববিদ্যালয় প্ৰাংগণত পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি সৰ্বমুঠ ১৪টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।
বিশ্ববিদ্যালয় প্ৰাংগণত পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি সৰ্বমুঠ ১৪টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।
আজি অনুষ্ঠিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। বিশ্ববিদ্যালয় প্ৰাংগণত পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি সৰ্বমুঠ ১৪টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।
মুঠ ৩৪গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হেমেন কলিতা, হেমাংগ নাথ আৰু সুমন শৰ্মাই। সাধাৰণ সম্পাদক পদত বিকি শৰ্মা, জিতু কলিতা, ৰাজদ্বীপ বৰুৱাই আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।
উল্লেখ্য যে, ইতিমধ্যে গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে সাৰমাদাও বসুমতাৰী। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া উদুলি-মুদুলি পৰিৱেশ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|