உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন, কাইলৈ ভোটগণনা

    সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন, কাইলৈ ভোটগণনা

    বিয়লি পৰ্যন্ত এই ৩ টাকৈ কেন্দ্ৰত ক্ৰমে ১২৫০টা, ৭৩৯টা আৰু ৫৫০টা অৰ্থাৎ সৰ্বমুঠ ২৫৪৬টা ভোটদান সম্পন্ন হয়।

    বিয়লি পৰ্যন্ত এই ৩ টাকৈ কেন্দ্ৰত ক্ৰমে ১২৫০টা, ৭৩৯টা আৰু ৫৫০টা অৰ্থাৎ সৰ্বমুঠ ২৫৪৬টা ভোটদান সম্পন্ন হয়।

    বিয়লি পৰ্যন্ত এই ৩ টাকৈ কেন্দ্ৰত ক্ৰমে ১২৫০টা, ৭৩৯টা আৰু ৫৫০টা অৰ্থাৎ সৰ্বমুঠ ২৫৪৬টা ভোটদান সম্পন্ন হয়।

    • Share this:
    অন্ত পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা (২০২১-২২)ৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। কৃষ্ণচূড়াৰ নগৰীৰূপে জনাজাত বিশ্ববিদ্যালয়খনত আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বিয়লি অন্ত পৰে। উল্লেখযোগ্য যে, এইবাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৩টাকৈ কেন্দ্ৰত অনুষ্ঠিত হৈছিল।

    জানিব পৰা মতে, বিয়লি পৰ্যন্ত এই ৩ টাকৈ কেন্দ্ৰত ক্ৰমে ১২৫০টা, ৭৩৯টা আৰু ৫৫০টা অৰ্থাৎ সৰ্বমুঠ ২৫৪৬টা ভোটদান সম্পন্ন হয়। মন কৰিবলগীয়া কথা যে, গুৱাহাটী  বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এইবাৰৰ সাধাৰণ নিৰ্বাচনত সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদককে আদি কৰি সৰ্বমুঠ ১৪টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দ্বিতাৰে এগৰাকী প্ৰাৰ্থী জয়ী হয়।

    নিৰ্বাচন অনুষ্ঠিত হোৱা এই ১৪টা পদত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। এইসকলৰ ভিতৰত সভাপতি পদত হেমেন কলিতা, হেমাংগ নাথ, সুমন শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে উপ–সভাপতি পদত অভিজিত শইকীয়া, নৱদ্বীপ বৰগোহাঁই, প্ৰিয়া দত্ত আৰু চাজিনা য়েছবিনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

    ইফালে, সাধাৰণ সম্পাদক পদত বিকি শৰ্মা, জিতু কলিতা, ৰাজদ্বীপ বৰুৱাই  প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে সহকাৰী সাধাৰণ সম্পাদক পদত মনীষা ডেকা, নিতুমণি কুমাৰ আৰু ৰশ্মি কলিতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইতিমধ্যে গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে সাৰমাদাও বসুমতাৰী।

    মন কৰিবলগীয়া কথা যে, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত আজি এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে। জানিব পৰা মতে, কাইলৈ অৰ্থাৎ ১ ডিচেম্বৰ তাৰিখে পুৱা ১০ বজাৰ পৰা সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হ'ব আৰু বিয়লিলৈকে বিশ্ববিদ্যালয়খনৰ ছাত্ৰসমাজে লাভ কৰিব স্নাতকোত্তৰ ছাত্ৰ সন্থা(২০২১-২২)ৰ নতুন বিষয়ববীয়াসকল।
    Published by:Sanjay Kumar Das
    First published: