মুখ্যপৃষ্ঠা » খবৰ

» অসম

»১ অক্টোবৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহৰ অফলাইন পাঠদান... 

১ অক্টোবৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহৰ অফলাইন পাঠদান... 

News18 Assam | News18-Assam
Updated:September 12, 2021, 12:25 AM IST
১ অক্টোবৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহৰ অফলাইন পাঠদান... 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ(Gauhati University) অধীনস্থ ছাত্ৰ-ঠাত্ৰীসকলৰ বাবে এক বিশেষ খবৰ। বিশ্ববিদ্যালয় পুনৰ খোলা তথা অফলাইন পাঠদান সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ে জাৰি কৰিলে এখন SOP। এই SOP অনুসৰি ১ অক্টোবৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত অফলাইন পাঠদান আৰম্ভ কৰাৰ যোজা কৰা হৈছে।

  • News18 Assam
  • Last Updated: September 12, 2021, 12:25 AM IST
  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ(Gauhati University) অধীনস্থ ছাত্ৰ-ঠাত্ৰীসকলৰ বাবে এক বিশেষ খবৰ। বিশ্ববিদ্যালয় পুনৰ খোলা তথা অফলাইন পাঠদান সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ে জাৰি কৰিলে এখন SOP। এই SOP অনুসৰি ১ অক্টোবৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত অফলাইন পাঠদান আৰম্ভ কৰাৰ যোজা কৰা হৈছে।

কেৱল চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহৰ অফলাইন পাঠদান আৰম্ভ কৰাৰ সিন্ধান্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। জানিব পৰা মতে, স্নাতকোত্তৰ শ্ৰেণীৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে B.TECH, INTEGRATED COURSESৰ পঞ্চম, সপ্তম  ষান্মাসিক তথা B.ED পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষ আৰু LLMৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ অফলাইন পাঠদান অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। ইফালে SOPত উল্লেখ কৰা অনুসৰি উক্ত দিনাৰ পৰাই বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰো অফলাইন পাঠদান আৰম্ভ হ'ব। ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে ইতিমধ্যে জাৰি কৰা ক'ভিড বিধি পালনৰ মাজৰে চলিব পাঠদান প্ৰক্ৰিয়া। উল্লেখ্য যে, ইতিমধ্যে ৯ ছেপ্তেম্বৰৰ পৰা প্ৰতিগৰাকী কৰ্মচাৰী-অধ্যাপকক বিশ্ববিদ্যালয়ত উপস্থিত থাকিবলৈও নিৰ্দেশ দিয়া হৈছে আৰু যিসকলে ভেকচিন লোৱা নাই তেওঁলোকক অনতিপলমে ভেকচিন গ্ৰহণ কৰিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে। এইখিনিতে মন কৰিবলগীয়া কথা যে, বিশ্ববিদ্যালয়ৰ আৱাস-নিৱাসসমূহ খোলাৰ সন্দৰ্ভত শ্ৰেণীসমূহৰ সচিবে ৱাৰ্ডেনসকলৰ সৈতে আলোচনা কৰি শীঘ্ৰে জাননী জাৰি কৰিব বুলি SOPত প্ৰকাশ। অৱশ্যে ইতিমধ্যে গৱেষক ছাত্ৰ-ছাত্ৰীৰ আৱাস-নিৱাসসমূহ খুলি দিছে। এই কথা নিউজ ১৮ৰ আগত জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈয়ে।
Published by: Kokil Sarma
First published: September 11, 2021, 11:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি