உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Garima Saikia Garg : ক্ষোভত ফাটি পৰিছে গৰিমা শইকীয়া গাৰ্গ, ছচিয়েল মিডিয়াত লিখিলে-'বিৰাট এক অশান্তি পাইছোঁ এনেকুৱা অন্যা‌য় দেখি'

    Garima Saikia Garg : ক্ষোভত ফাটি পৰিছে গৰিমা শইকীয়া গাৰ্গ, ছচিয়েল মিডিয়াত লিখিলে-'বিৰাট এক অশান্তি পাইছোঁ এনেকুৱা অন্যা‌য় দেখি'

    image: FB/GarimaSaikiaGarg

    image: FB/GarimaSaikiaGarg

    "শেহতীয়া ভাৱে এনেকুৱা কেইবাটাও কথা শুনিলো, নিজেই পৰোক্ষভাৱে জড়িত হৈ থকা কামত একেবাৰে ওচৰৰ পৰা দেখিলোঁ । কিবা এটা দুখ, খং নে ক্ষোভ কʼব নোৱাৰো ,, কিন্তু বিৰাট এক অশান্তি পাইছোঁ এনেকুৱা অন্যা‌য় দেখি ।"

    • Share this:
    গৰিমা শইকীয়া গাৰ্গ (Garima Saikia Garg) এগৰাকী সফল ফেশ্যন ডিজাইনাৰ আৰু উদ্যোগী মহিলাৰূপেই জনাজাত। লগতে গৰিমা গাৰ্গ হৈছে এগৰাকী এনে মহিলা যি ভুলক ভুল বুলি ক'বলৈ ভয় নকৰে। শেহতীয়াকৈ গৰিমা গাৰ্গে ছচিয়েল মিডিয়াত অসমৰ অভিনয় জগতৰ একাংশ প্ৰযোজক, পৰিচালকৰ বিৰুদ্ধে প্ৰকাশ কৰিছে চুড়ান্ত ক্ষোভ। গৰিমাৰ অভিযোগ দুই-এজন প্ৰযোজক, পৰিচালকে নিজকে ভগৱান বুলি ভাবি একো একোজন শিল্পীক কাম দিয়াৰ নামত শেষ মুহূৰ্তত নাকচ কৰি শিল্পীসকলৰ সৈতে অন্যায় কৰি আহিছে।

    গৰিমাই নিজৰ পোষ্টত লিখিছে, "আজি কালি অসমীয়া মেগা(?) serialৰ দুই এজন প্ৰযোজক, পৰিচালকে হয়তো নিজকে ভগৱান বুলি ভাবিবলৈ লৈছে । স্বনামধন্য (?) এই দুই এজন ব্যক্তিয়ে হয়তো আন এজন ব্যক্তিৰ সময়,নিষ্ঠা আৰু কামৰ প্ৰতি থকা আগ্ৰহ, ভক্তিক আজিলৈকে উপলব্ধি কৰা নাই আৰু কৰি চাবও বিচৰা নাই । perfectionistৰ বেশ ধৰি পোন্ধৰ দিন, এমাহ, দুমাহলৈকে এটা কামৰ বাবে বিস্তৃত ভাৱে কথা পাতি, কথা দি, সকলো ধৰণেৰে প্ৰস্তুতি কৰোৱাই এজন শিল্পীক শেষ মুহূৰ্ত্তত নাকচ কৰি একেবাৰে হতাশ কৰি কেনে ধৰণৰ পাশবিক আনন্দ(?) পায় বুজি নাপাওঁ।"

    গৰিমাই আৰু লিখিছে যে তেওঁ নিজেই বিগত কেইদিনমানত এনে ঘটনাৰ সাক্ষী হৈছে। গৰিমাই লিখিছে, "শেহতীয়া ভাৱে এনেকুৱা কেইবাটাও কথা শুনিলো, নিজেই পৰোক্ষভাৱে জড়িত হৈ থকা কামত একেবাৰে ওচৰৰ পৰা দেখিলোঁ । কিবা এটা দুখ, খং নে ক্ষোভ কʼব নোৱাৰো ,, কিন্তু বিৰাট এক অশান্তি পাইছোঁ এনেকুৱা অন্যা‌য় দেখি ।"



    চুড়ান্ত আক্ষেপেৰে গৰিমাই লিখিছে, "আনৰ সময়বোৰ, আশাবোৰ তেওঁলোকৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ তেওঁলোকক দিয়া হৈছে বুলি যদি তেওঁলোকে ভাবি লৈছে, তেন্তে এইটো ও মনত ৰখা উচিত যে সময়ৰ হাতত তেওঁলোকো এদিন পুতলা হৈ নাচিব লগা হʼব পাৰে ।"
    Published by:Manjumoni Borah
    First published: