உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যত অব্যাহত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ, মহানগৰীত হেৰ’ইনসহ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    ৰাজ্যত অব্যাহত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ, মহানগৰীত হেৰ’ইনসহ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    মঙলবাৰে পুৱা আৰপিএফৰ তালাচীত পল্টনবজাৰ ৰে’লৱে ষ্টেচনত জব্দ হ’ল বুজন পৰিমাণৰ গাঞ্জা৷

    মঙলবাৰে পুৱা আৰপিএফৰ তালাচীত পল্টনবজাৰ ৰে’লৱে ষ্টেচনত জব্দ হ’ল বুজন পৰিমাণৰ গাঞ্জা৷

    মঙলবাৰে পুৱা আৰপিএফৰ তালাচীত পল্টনবজাৰ ৰে’লৱে ষ্টেচনত জব্দ হ’ল বুজন পৰিমাণৰ গাঞ্জা৷

    • Share this:
    এফালে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, আনফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছৰ অবাধ সৰবৰাহ৷ ড্ৰাগছ সৰবৰাহৰ অন্যতম কৰিডৰত পৰিণত হৈছে ৰে'লৱে ষ্টেচন৷ সোমবাৰে নিশা মহানগৰীৰ লালমাটিত চলা বশিষ্ট আৰক্ষীৰ অভিযানত ৪ গ্ৰাম হেৰ'ইনসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়৷ ধৃত সৰবৰাহকাৰীটো ধনমণি মহন্ত৷ ধনমণি মহন্তৰ পৰা বশিষ্ঠ আৰক্ষীয়ে ড্ৰাগছৰ লগতে জব্দ কৰে ৭ হাজাৰ ৫শ টকা।

    ড্ৰাগছ সৰবৰাহকাৰীজনে লালমাটিত এজন গ্ৰাহকক ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই জালত পৰিল আৰক্ষীৰ৷ আনহাতে, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে RPFয়েও৷ মঙলবাৰে পুৱা আৰপিএফৰ তালাচীত পল্টনবজাৰ ৰে’লৱে ষ্টেচনত জব্দ হ’ল বুজন পৰিমাণৰ গাঞ্জা৷ আগৰতলা-আনন্দ বিহাৰ তেজছ এক্সপ্ৰেছৰ পৰা আৰপিএফে জব্দ কৰে গাঞ্জাখিনি৷ জব্দ হোৱা ৬০ কেজি ওজনৰ গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা৷ এনেদৰেই এতিয়া নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
    Published by:Sanjay Kumar Das
    First published: