• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী বিশ্ববিদ্যালয়ত সম্পন্ন নৱাগত আদৰণী সভা, ডেৰ বছৰৰ মূৰত সাংস্কৃতিক অনুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ত সম্পন্ন নৱাগত আদৰণী সভা, ডেৰ বছৰৰ মূৰত সাংস্কৃতিক অনুষ্ঠান

১১ ডিচেম্বৰৰ পৰা ৩ দিনৰ বাবে অনুষ্টুপীয়াকৈ সম্পন্ন হ'ব বিশ্ববিদ্যালয় সপ্তাহ।

১১ ডিচেম্বৰৰ পৰা ৩ দিনৰ বাবে অনুষ্টুপীয়াকৈ সম্পন্ন হ'ব বিশ্ববিদ্যালয় সপ্তাহ।

১১ ডিচেম্বৰৰ পৰা ৩ দিনৰ বাবে অনুষ্টুপীয়াকৈ সম্পন্ন হ'ব বিশ্ববিদ্যালয় সপ্তাহ।

  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ত সম্পন্ন হ'ল নৱাগত আদৰণী সভা (Freshmen Social at Gauhati University)। বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২০-২১ৰ উদ্যোগত কালি বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানটি। উল্লেখ্য যে কোৰোনা পৰিস্থিতিৰ বাবে বিগত ডেৰটা বছৰতকৈও অধিক কাল বিশ্ববিদ্যালয়খনত কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল।

শেহতীয়াকৈ ক'ভিড মহামাৰীৰ প্ৰভাৱ কিছু শাম কটাত এইবাৰ কিছু পলমকৈ হ'লে অনুষ্ঠিত হৈছে নৱাগত আদৰণী সভা। প্ৰতিটো বৰ্ষৰ দৰে এইবাৰো নৱাগত আদৰণী সভাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। নৱাগত আদৰণী সভাত আয়োজিত প্ৰতিযোগিতাত প্ৰদৰ্শিত প্ৰদৰ্শনৰ ভিত্তিত বিভাগ আৰু আৱাসৰ সুকীয়াকৈ শ্ৰেষ্ঠ নৱাগত, শ্ৰেষ্ঠ নৱাগতা প্ৰদান কৰা হয়।

মন কৰিবলগীয়া কথা যে ইতিমধ্যে ২০২১-২২ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা নিৰ্বাচিত হৈছে যদিও বিগত বৰ্ষৰ সমিতিখনৰ অৱশিষ্ট কাৰ্যসূচীসমূহ অনুষ্ঠিত হৈছে। বিগত বৰ্ষৰ সমিতিখনৰ উদ্যোগতেই অহা ১১ ডিচেম্বৰৰ পৰা ৩ দিনৰ বাবে অনুষ্টুপীয়াকৈ সম্পন্ন হ'ব বিশ্ববিদ্যালয় সপ্তাহ। তাৰ পাছতেই স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২১-২২ৰ নতুন বিষয়ববীয়াৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: