মহানগৰীৰ নীলাচল পাহাৰত পুনৰ প্ৰত্যক্ষ হ'ল বনৰজাৰ মুক্ত বিচৰণ। দেওবাৰে কামাখ্যা মন্দিৰলৈ যোৱা মূল পথছোৱাত দেখা পোৱা গৈছিল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। এজন ব্যক্তিৰ ম'বাইলৰ কেমেৰাত বন্দী হয় বনৰজাই বিচৰণ কৰা শিহৰণকাৰী দৃশ্য। জানিব পৰা মতে, নিশাৰ ভাগত ব্যক্তিজনে নিজৰ বাহনত বন্ধুসহ মন্দিৰৰ পাহাৰীয়া পথটোৰে ঘৰলৈ গৈ আছিল। ঠিক সেইসময়তে পথটোৰ কাষত থকা পদপথত এটা বাঘে বিচৰণ কৰাৰ দৃশ্য তেওঁলোকে দেখা পায়। প্ৰকাণ্ড বাঘটোক প্ৰত্যক্ষ কৰিয়েই তেওঁলোকে নিজৰ বাহন কিছুসময়ৰ বাবে ৰখাই সেই দৃশ্যসমূহ নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰে।
উল্লেখ্য যে তেওঁলোকে ভিডিঅ' কৰি থকাৰ সময়ছোৱাত নাহৰফুটুকীটোৱে কোনোধৰণৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰা নাছিল। বৰঞ্চ বাঘটোৱে অতি সন্তৰ্পণে ঠাইডোখৰৰ পৰা আঁতৰি যায়। মন কৰিবলগীয়া কথা হ'ল যে নীলাচল পাহাৰত বাঘ প্ৰত্যক্ষ কৰাটো নতুন কথা নহয়। পাহাৰখনৰ পৰা সঘনে ওলাই আহে বাঘ। নিশাৰ ভাগত অঞ্চলটোত প্ৰায়েই এনেদৰে বনৰজাই মুক্ত বিচৰণ কৰা পৰিলক্ষিত হয়। মাত্ৰ কিছুদিন পূৰ্বে সেই পথেৰে গৈ থকা অৱস্থাত আন এজন ব্যক্তিয়েও প্ৰত্যক্ষ কৰিছিল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। তেৱোঁ সেই সমগ্ৰ দৃশ্য আবদ্ধ কৰিছিল নিজৰ মোবাইলৰ কেমেৰাত। পৰৱৰ্তী সময়ত সেই বাতৰি নিউজ ১৮, অসম নৰ্থ ইষ্টত সবিস্তাৰে প্ৰচাৰিত হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|