অসমৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যুবাৰ্ষিকী মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটী (Assam Pradesh Congress Committee)ৰ উদ্যোগত ৰাজ্যজুৰি পালন কৰা হয়। গুৱাহাটীৰ মহানগৰ কংগ্ৰেছ কমিটীৰ উদ্যোগতো গুৱাহাটীৰ ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত নেতাগৰাকীক গভীৰভাৱে শ্ৰদ্ধা জ্ঞাপন কৰে কংগ্ৰেছ দলটোৰ নেতা–কৰ্মীসকলে। ৰাজ্যখনৰ প্ৰতিখন জিলাত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে তেওঁৰ ব্যক্তিত্বক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷ গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত পুৱা ১০.৩০ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ (former Chief Minister Tarun Gogoi)ৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷
ইয়াৰ পিছতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, সাংসদ তথা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ বলীন কুলী, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আবু চালেহ নাজমুদ্দিন, বিধানসভাৰ মুখ্য সচেতক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, বিধায়িকা শিখামণি বৰা, বিধায়ক খলিলউদ্দিন মজুমদাৰ, বিধায়ক আব্দুছ চুভাহান আলী সৰকাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ পিছতে নাম-প্ৰসংগৰ লগতে বাইবেল, কোৰাণ আৰু গুৰু চাহিব গ্ৰন্থ পাঠ কৰি বৰেণ্য নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে। নাগাৰা নামৰ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰসমূহ নেতৃত্বই অংশগ্ৰহণ কৰে। আনকি সভাপতি ভূপেন কুমাৰ বৰাই স্বয়ং নাগাৰা বজাই নামত ভাগ লয় । তৰুণ গগৈক স্মৰণ কৰি দলৰ সভাপতি ভূপেন কুমাৰ বৰাকে ধৰি একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই প্ৰয়াত নেতা তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ বৃত্তান্ত, তেখেতৰ জীৱন-দৰ্শন আৰু অসমপ্ৰেমৰ বিষয়ে অৱলোকন কৰে।
ৰাজীৱ ভৱনৰ এই কেন্দ্ৰীয় অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰায়সকল নেতাৰ উপৰি এন এছ ইউ আই, যুৱ-কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱাদলৰ নেতৃত্ব আৰু বিপুলসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|