মহানগৰীত জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশুৰ কৰুণ মৃত্যু

News18 Assam | News18-Assam
Updated:January 23, 2020, 2:28 PM IST
মহানগৰীত জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশুৰ কৰুণ মৃত্যু
ৱায়াৰলেছত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল শিশু দুটি

ৱায়াৰলেছত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল শিশু দুটি

  • Share this:
মহানগৰীত জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশুৰ কৰুণ মৃত্যু। ৱায়াৰলেছত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল শিশু দুটি। জুইৰ লেলিহান শিখাই সমগ্ৰ ঘৰতো আৱৰি ধৰাত কৰুণ মৃত্যুক সাৱটি লয় শিশু দুটিয়ে। BSNLৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ল’লে জুইয়ে। তুষাৰ গোস্বামী নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। মৃত শিশু দুটিৰ বয়স ৫ আৰু ৭ বছৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ সময়ত মাক–দেউতাক নাছিল ঘৰত। আইতাকৰ সৈতে ঘৰত আছিল দুয়োটা কণমানি  ঈষাণ গোস্বামী আৰু ইবন গোস্বামী। দুয়োগৰাকী শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ছাত্ৰ আছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি