ঈশান-ইবনক হেৰুৱাই অকলশৰীয়া হ'ল জেক আৰু জিল, এৰি দিছে খোৱা–বোৱা

News18 Assam | News18-Assam
Updated:January 24, 2020, 2:36 PM IST
ঈশান-ইবনক হেৰুৱাই অকলশৰীয়া হ'ল জেক আৰু জিল, এৰি দিছে খোৱা–বোৱা
কুকুৰ দুটাৰ সজল চকুৱে যেন বিচাৰি ফুৰিছে ঈশান আৰু ইবনক।

কুকুৰ দুটাৰ সজল চকুৱে যেন বিচাৰি ফুৰিছে ঈশান আৰু ইবনক।

  • Share this:
কুকুৰ প্ৰভুভক্ত। গৰাকীৰ প্ৰতি সদায় আনুগত্য প্ৰকাশ কৰে কুকুৰে। ঈশান আৰু ইবনৰো আছিল দুটাকৈ পোহনীয়া কুকুৰ৷ নাম জেক আৰু জিল৷ আজৰি সময়ত দুয়ো ভাতৃয়ে কটাইছিল জেক আৰু জিলৰ সৈতে৷

বৃহস্পতিবাৰে হোৱা অগ্নিকাণ্ডত দুই ভাতৃৰ অকাল মৃত্যুৱে যে সকলো মানুহকে কন্দুৱাইছে তেনে নহয়৷ ঈশান আৰু ইবনৰ অবৰ্তমানত পোহনীয়া জেক আৰু জিলেও এৰি দিছে খোৱা–বোৱা৷ কুকুৰ দুটাৰ সজল চকুৱে যেন বিচাৰি ফুৰিছে ঈশান আৰু ইবনক।

শূন্য ঘৰখনলৈ খবৰ ল'বলৈ বিভিন্নজন আহিছে আৰু গৈছে, কিন্তু কিবা এটা বেদনাত চোতালতে বহি যেন দুয়োটা কুকুৰে অপেক্ষা কৰিছে ঈশাণ-ইভানলৈ৷
Published by: Sanjay Kumar Das
First published: January 24, 2020, 12:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading