Ajanta Neog : ভীষণ ব্যস্ত মন্ত্ৰী অজন্তা নেওগ। ইটোৰ পিছত সিটো বিভাগৰ সৈতে জনতা ভৱনত মাৰাথন বৈঠক।

News18 Assam | News18-Assam
Updated:June 11, 2021, 6:56 PM IST
Ajanta Neog : ভীষণ ব্যস্ত মন্ত্ৰী অজন্তা নেওগ। ইটোৰ পিছত সিটো বিভাগৰ সৈতে জনতা ভৱনত মাৰাথন বৈঠক।
ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰূপে অজন্তা নেওগে জুলাইৰ অধিৱেশনত দাখিল কৰিব বাজেট।

ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰূপে অজন্তা নেওগে জুলাইৰ অধিৱেশনত দাখিল কৰিব বাজেট।

  • Share this:
ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগ ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বিত্ত মন্ত্ৰী হিচাপে দায়িত্ব লোৱা অজন্তা নেওগ এতিয়া ভীষণ ব্যস্ত ৷ কিয়নো পোন্ধৰ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা আৰম্ভ হ'ব ৷

বাজেট প্ৰস্তুত কৰাকলৈ ৰাজ্যৰ বিভাগসমূহৰ সৈতে বৃহস্পতিবাৰৰ পৰা পৰ্যায়ক্ৰমে আলোচনাত মিলিত হৈছে বিত্ত মন্ত্ৰী অজন্তা নেওগ ৷ শুকুৰবাৰেও জনতা ভৱনৰ নিজ কাৰ্যালয়ত বিত্ত মন্ত্ৰী নেওগে কেইবাটাও বিভাগৰ মূৰব্বীৰ সৈতে আলোচনাত মিলিত হয় ৷

শুকুৰবাৰে আলোচনাত মিলিত হোৱাৰ সন্দৰ্ভত বিত্ত মন্ত্ৰী অজন্তা নেওগে কয়, “১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিবেশনত উত্থাপন কৰিবলগীয়া বাজেটখনৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে আজি গৃহ আৰু ৰাজনৈতিক, হস্ততাঁত-বস্ত্ৰশিল্প, তথ্য আৰু জনসংযোগ,  মুদ্ৰণ আৰু লেখন সামগ্ৰী, ন্যায়িক, শক্তি, উদ্যোগ আৰু বাণিজ্য, সীমান্ত সুৰক্ষা, খনি, গ্ৰামোন্নয়ন, শ্ৰমিক কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু তথ্য প্ৰযুক্তিবিদ্যা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ।”
Published by: Manjumoni Borah
First published: June 11, 2021, 6:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি