உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Fake Tweet of Himanta Biswa Sarma : ২০ নৱেম্বৰৰ পৰা বন্ধ হ'ব শিক্ষানুষ্ঠান ! মুখ্যমন্ত্ৰীৰ নামত কাৰ টুইট? কি ক'লে হিমন্ত বিশ্বই

    Fake Tweet of Himanta Biswa Sarma : ২০ নৱেম্বৰৰ পৰা বন্ধ হ'ব শিক্ষানুষ্ঠান ! মুখ্যমন্ত্ৰীৰ নামত কাৰ টুইট? কি ক'লে হিমন্ত বিশ্বই

    এইধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ।

    এইধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ।

    এইধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ।

    • Share this:
    ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নামত অপপ্ৰচাৰ। ক'ভিডৰ নামত  এটা ফেক টুইট (Fake Tweet)ৰ স্ক্ৰীণশ্বট প্ৰচাৰ কৰি ভুৱা বাতৰি বিয়পালে এক দুষ্ট চক্ৰই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে নিজেই জনালে এই কথা।

    দুষ্ট চক্ৰটোৱে ৰাজ্যত বৰ্ধিত কৰোণা (Corona) সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান বন্ধ কৰা হ'ব বুলি উল্লেখ কৰিছিল ফেক টুইটটোত। চৰকাৰে অহা ২০ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰা হৈছিল এই ভুৱা টুইটত।

    মুখ্য়মন্ত্ৰীৰ নামত স্কুল বন্ধৰ ভুৱা টুইট, মুখ্যমন্ত্ৰীৰ সতৰ্কীকৰণ


    কিন্তু এই টুইটৰ স্ক্ৰীণশ্বটটো সম্পূৰ্ণ মিছা বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। এইধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে এনে ভুৱা বাতৰিৰ পৰা নিজকে সাৱধানে ৰাখিবলৈও ৰাইজক অনুৰোধ মুখ্যমন্ত্ৰীগৰাকীৰ।

    আনহাতে এই দুষ্ট কাণ্ডৰ সন্দৰ্ভত তদন্ত কৰিবলৈ অসম পুলিচক নিৰ্দেশ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ।
    Published by:Manjumoni Borah
    First published: