• Home
  • »
  • News
  • »
  • assam
  • »
  • Fake TET Teacher : ১ লাখ টকাত TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰ! দালালে বনাই দিয়ে TETৰ সকলো নথি-পত্ৰ, গ্ৰেপ্তাৰ হোৱা ভুৱা টেট শিক্ষকৰ বিস্ফোৰণ

Fake TET Teacher : ১ লাখ টকাত TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰ! দালালে বনাই দিয়ে TETৰ সকলো নথি-পত্ৰ, গ্ৰেপ্তাৰ হোৱা ভুৱা টেট শিক্ষকৰ বিস্ফোৰণ

CIDয়ে ৩৬ গৰাকী ভুৱা টেট শিক্ষকক চিনাক্ত কৰিছে আৰু আজিলৈ ২৫ জনক গ্ৰেপ্তাৰ কৰিছে।  

CIDয়ে ৩৬ গৰাকী ভুৱা টেট শিক্ষকক চিনাক্ত কৰিছে আৰু আজিলৈ ২৫ জনক গ্ৰেপ্তাৰ কৰিছে।  

CIDয়ে ৩৬ গৰাকী ভুৱা টেট শিক্ষকক চিনাক্ত কৰিছে আৰু আজিলৈ ২৫ জনক গ্ৰেপ্তাৰ কৰিছে।  

  • Share this:
ৰাজ্যত ভুৱা টেট শিক্ষকৰ (Fake TET Teacher) বিৰুদ্ধে আৰম্ভ হৈছে তীব্ৰ অভিযান। এইসকল শিক্ষকে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি চৰকাৰৰ চকুত ধুলি মাৰি শিক্ষকৰ দৰে মহান বৃত্তিত নিযুক্ত হৈছিল। পিছে এওঁলোকৰ সান্দহ খোৱা বালি তল যাবলৈ বেছি দিন নালাগিল। চৰকাৰে এই ভুৱা টেটে শিক্ষকৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে। কিন্তু তাৰ মাজতে ভুৱা টেট উত্তীৰ্ণৰ প্ৰমামপত্ৰ বনোৱাকলৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে টেটৰ প্ৰমাণপত্ৰ বনোৱাৰ নামত চলি থকা ভয়ংকৰ চক্ৰৰ তথ্য। ৰাজ্যত লাখ লাখ টকাৰ বিনিময়ত বনোৱা হৈছে টেট উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰ। একোখন টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ নামত দালালে লয় ১ লাখ টকা।

এই বিস্ফোৰক স্বীকাৰোক্তি দিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন টেট শিক্ষকে। এইজন ভুৱা টেট শিক্ষকৰ দাবী ১ লাখ টকাৰ বিনিময়ত দালালে প্ৰস্তুত কৰি দিছিল ভুৱা নথি-পত্ৰ। এই চক্ৰত জড়িত হৈ আছে বহু দালাল।

উল্লেখ্য যে CIDয়ে ৩৬ গৰাকী ভুৱা টেট শিক্ষকক চিনাক্ত কৰিছে আৰু আজিলৈ ২৫ জনক গ্ৰেপ্তাৰ কৰিছে।
Published by:Manjumoni Borah
First published: