গুৱাহাটী মহানগৰীত ভুৱা শিক্ষা প্ৰতিষ্ঠান খুলি ছাত্ৰ ছাত্ৰীৰ জীৱন অন্ধকাৰ কৰাৰ ষড়যন্ত্ৰ। বৰ্তমানো পলাতক অৱস্থাত আছে ধাৰাপুৰস্থিত AJ Group of Instituteৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ আব্দুল জব্বৰ। পাঁচদিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আব্দুলক।
উল্লেখ্য যে, নামভৰ্তিৰ নামত প্ৰায় ডেৰৰ পৰা দুই লক্ষাধিক টকালৈ কোনো যাৱতীয়া নথি পত্ৰ নোহোৱাকৈ চলি আছিল মহানগৰীৰ ধাৰাপুৰৰ AJ গ্রুপ অফ ইনষ্টিটিউট। শিক্ষানুষ্ঠানখনে ছাত্ৰ-ছাত্ৰীক ২০২০ৰ লকডাউনৰ সময়ত বিভিন্ন প্ৰলোভনৰ জৰিয়তে নামভৰ্তি কৰোৱাইছিল। আনকি ছাত্ৰী-ছাত্ৰীক চাকৰিৰ প্ৰলোভনেৰে বেংগালুৰুৰ তিনিখন শিক্ষা প্ৰতিষ্ঠানত BSC নাৰ্ছিং, ডি-ফাৰ্ম আৰু GNMৰ পৰীক্ষা দিয়াৰ বাবে লৈ গৈছিল। কিন্তু এই ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত বহিবলৈ দিয়া নাছিল বেংগালুৰুৰ শিক্ষা প্ৰতিষ্ঠানখনে। কাৰণ AJ GROUP OF ইনষ্টিটিউটৰ নাছিল কোনো লাইচেঞ্চ।
ছাত্ৰ-ছাত্ৰীসকলে এই সমস্যাৰ সন্মুখীনহৈ গুৱাহাটীলৈ উভতি আহি আজাৰা আৰক্ষী থানাত এজেহাৰ দাখিল কৰে। পিছত আৰক্ষীয়ে এজেহাৰৰ ভিত্তিত অভিযুক্ত ইনামূল হক চিকদাৰ আৰু ইলিয়াছ হাচানক আটক কৰে। কিন্তু আজাৰা আৰক্ষী মূলঅভিযুক্ত আব্দুল জব্বৰক এই পৰ্যন্ত আটক কৰিব সক্ষম হোৱা নাই । যাৰ বাবে এতিয়া প্ৰতিবাদত বহিছে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকল।