IMDT আইনৰ খচৰা প্ৰস্তুত কৰিছিল আব্দুল মুহিব মজুমদাৰে।
IMDT আইনৰ খচৰা প্ৰস্তুত কৰিছিল আব্দুল মুহিব মজুমদাৰে।
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ বৰ্ষিয়ান নেতা তথা IMDT আইনৰ ৰূপকাৰ আব্দুল মুহিব মজুমদাৰৰ আজি পুৱা দেহাৱসান (Abdul Muhib Mazumdar Passes Away) ঘটে। এমাহৰো অদিক দিন চিকিৎসাধীন হৈ থকাৰ অন্তত আজি পুৱা ৮ বাজি ১৫ মিনিটত GMCHত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে। মৃত্যুৰ সময়ত প্ৰয়াত মজুমদাৰৰ বয়স আছিল ৮৯ বছৰ।
মজুমদাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। কংগ্ৰেছ দলে প্ৰয়াত নেতাগৰাকী বিয়োগত শোক প্ৰকাশ কৰি দুপৰীয়া প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি (Abdul Muhib Mazumdar Passes Away) জ্ঞাপন কৰে। ৰাজীৱ ভৱনত কংগ্ৰেছ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
মৃত্যুৰ পিছতে প্ৰয়াত মজুমদাৰৰ নশ্বৰ দেহ হাতীগাঁওস্থিত বাসগৃহলৈ নিয়া হয়। আজিয়েই তেখেতৰ জানাজা সম্পন্ন কৰা হ'ব (Abdul Muhib Mazumdar Passes Away)।
১৯৭০ চনত ৰাজনীতিলৈ অহা আব্দুল মুহিব মজুমদাৰে হাইলাকান্দি সমষ্টিৰ পৰা চাৰিবাৰ বিধায়কৰূপে নিৰ্বাচিত হৈছিল। ১৯৮৩ চনত তেওঁ হিতেশ্বৰ শইকীয়া চৰকাৰত কেবিনেট মন্ত্ৰী হৈছিল। IMDT আইনৰ খচৰা প্ৰস্তুত কৰিছিল আব্দুল মুহিব মজুমদাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|