உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress : প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বহিষ্কাৰ সেন ডেকাক কংগ্ৰেছৰ পৰা নিলম্বন! দল বিৰোধী মন্তব্যৰ বিৰুদ্ধে কঠোৰ ভূপেন বৰা।

    Congress : প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বহিষ্কাৰ সেন ডেকাক কংগ্ৰেছৰ পৰা নিলম্বন! দল বিৰোধী মন্তব্যৰ বিৰুদ্ধে কঠোৰ ভূপেন বৰা।

    ৰাজীৱ ভৱনত এনে ধৰণৰ বৈঠক অনুষ্ঠিত কৰি কোনো লাভ নাই বুলি মন্তব্য কৰিছিল নীলমণি সেন ডেকাই !

    ৰাজীৱ ভৱনত এনে ধৰণৰ বৈঠক অনুষ্ঠিত কৰি কোনো লাভ নাই বুলি মন্তব্য কৰিছিল নীলমণি সেন ডেকাই !

    ৰাজীৱ ভৱনত এনে ধৰণৰ বৈঠক অনুষ্ঠিত কৰি কোনো লাভ নাই বুলি মন্তব্য কৰিছিল নীলমণি সেন ডেকাই !

    • Share this:
    ছিদ্দেক, শশী আৰু শ্বেৰমানৰ নিলম্বনৰ পিছত এইবাৰ কংগ্ৰেছৰ পৰা বহিষ্কাৰ নীলমণি সেন ডেকা (Nilamoni Sen Deka Suspended)ক। আজি প্ৰদেশ কংগ্ৰেছ (APCC)ৰ সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ৰ নিৰ্দেশ মৰ্মে দলৰ পৰা বহিষ্কাৰ (Expelled) কৰা হয় প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সদস্য নীলমণি সেন ডেকাক।

    মঙ্গলবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ বৈঠক ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙ (Jitendra Singh)ৰ নেতৃত্বত দলটোক শক্তিশালী কৰাৰ বাবে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত। চিন্তন বৈঠক ৰূপে বিবেিত হোৱা বৈঠকৰ প্ৰথম দিনা কেইবাঘণ্টা ধৰি দলৰ সাংগঠনিক ভেটি সন্দৰ্ভত আলোচনা কৰা হয়৷ বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও জেষ্ঠ নেতা ৷ দলটোক কিদৰে পুনৰ উদ্ধাৰ কৰিব পাৰি সেই বিষয়ত বিশেষভাৱে আলোচনা কৰে কংগ্ৰেছে ৷

    কিন্তু এই বৈঠক চলি থকাৰ মাজতে সংবাদ মাধ্যমৰ সন্মুখত দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কৰিছিল বিপৰীত মন্তব্য ৷ "ৰাজীৱ ভৱনত এনে ধৰণৰ বৈঠক অনুষ্ঠিত কৰি কোনো লাভ নাই ৷ বিপৰীতে জনতাৰ মাজত গৈ আলোচনা কৰক ৷" নীলমণি সেন ডেকাৰ এই মন্তব্যৰ পাছতে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ দলবিৰোধী মন্তব্য কৰা কাকো ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ দি আজি এক জাননীযোগে  নীলমণি সেন ডেকাক বহিষ্কাৰৰ নিৰ্দেশ দিয়ে।

    জাননীখনত উল্লেখ কৰা মতে পূৰ্বেও নীলমণি সেন ডেকাই এনেধৰণে দলবিৰোধী মন্তব্য কৰিছিল আৰু তাকে নকৰিবলৈ তেওঁক দলে সকীয়াইও দিছিল। কিন্তু বাৰম্বাৰ সকীয়নি আৰু তেওঁ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো দলবিৰোধী মন্তব্য কৰা কাৰণে বহিষ্কাৰ কৰা হ'ল বুলি উল্লেখ কৰা হৈছে।
    Published by:Manjumoni Borah
    First published: