Nilamoni Sen Deka: পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত শেষ কংগ্ৰেছ ! বহু বছৰলৈ উদ্ধাৰ নহয় কংগ্ৰেছ !
Nilamoni Sen Deka: পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত শেষ কংগ্ৰেছ ! বহু বছৰলৈ উদ্ধাৰ নহয় কংগ্ৰেছ !
বহিষ্কাৰৰ পিছতে ইটোৰ পিছত সিটো মন্তব্যৰে বিস্ফোৰণ ঘটাই আছে প্ৰাক্তন কংগ্ৰেছী নীলমণি সেন ডেকা (Nilamoni Sen Deka)ই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ৰ লগতে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)কো। আজি NEWS18 Assam NEৰ আগত নীলমণি সেন ডেকাই কয়, ৰাহুল গান্ধী টিভিত ওলালেই দৰ্শকে বন্ধ কৰে টিভি ৷ তেওঁ কিবা ক'লেই ভুল কয়, কোনো বিষয়ত জ্ঞান নাই। কপিল ছিবালৰ দৰে জ্যেষ্ঠ নেতাক একাষৰীয়া কৰিছে। এনেকৈ দলটো পুৰণি ক্লাৱত পৰিণত হ'ব।"
ইমানেই নহয়, আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে দেশত ২০ৰ তলত আসন পাব আৰু অসমত কংগ্ৰেছে এখনো আসন নাপায় বুলি মন্তব্য কৰে নীলমণি সেন ডেকাই।
ইপিনে ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লৈ নীসমণি সেন ডেকাই কয় যে ভূপেন বৰাৰ মিটিঙত ১০০ জন মনুহো নহয়। তেওঁলোকৰ কাম-কাজৰ বাবেই দলীয় নেতা-কৰ্মীসকল ওলাই আহিবলৈ এৰিছে। তেওঁ ভূপেন বৰাক প্ৰত্যাহ্বান জনাই কয় যে ভূপেন বৰাৰ ক্ষমতা আছে যদি ৫০০০ মানুহ লৈ কংগ্ৰেছৰ এখন সভা আয়োজন কৰি দেখুৱাওক।
একে সময়তে প্দেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙ (Jitendra Singh)ৰ বিৰুদ্ধে টিকটৰ নামত ধন বিচৰাৰ অভিযোগ তুলি নীলমণি সেন ডেকাই কয় যে ২১ৰ বিধানসভা নিৰ্বাচনৰ পৰাই টিকটৰ বিনিময়ত ধন বিচৰাৰ অশুভ পৰম্পৰা আৰম্ভ হৈছে কংগ্ৰেছত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|