গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী (GMC Election) প্ৰচাৰৰ মাজতে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক, মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা (Ramen Deka)ৰ এটা ফেচবুক পোষ্টে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ শেহতীয়াকৈ, বিভিন্ন দলৰ নেতাই দল সমূহে হেৰুওৱা গণভিত্তিৰ বাবে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ আশ্ৰয় লৈছে শাসকীয় পক্ষত ৷ কোনোবা যদি বিজেপি (BJP)লৈ গৈছে কোনোবা গৈছে মিত্ৰদল অগপ (AGP)লৈ ৷ বিশেষকৈ বিজেপিত এতিয়া ব্যাপক ভিৰ নতুনৰ ৷ তাৰ পৰিপ্ৰেক্ষিতত একাংশ ধ্বজাবাহক পুৰণি বিজেপি নেতা বাৰুকৈয়ে নাৰাজ ৷ তাৰ উদাহৰণ ৰমেন ডেকাই বুধবাৰে সামাজিক মাধ্যমত দিয়া এই আপডেটটো, "DISGRUNTLED PEOPLE SHOULD NOT ALLOW TO OUR PARTY BJP."
সামাজিক মাধ্যমত ডেকাই দিয়া আপডেটৰ পিছত তেওঁ সৈতে যোগাযোগ কৰাত "আজি মই নিৰ্বাচনৰ সময়ত সংবাদ মাধ্যমত একো ক'ব বিচৰা নাই ৷ কিন্তু যিসকল লোক নিজৰ দলৰ প্ৰতি অসন্তুষ্ট হৈ, নিৰাশ হৈ তথা ৰাইজে যাক অনাদৰ কৰিছে তেনে কোনো লোকক আমাৰ দললৈ আহিবলৈ দিব নালাগে ৷ এক কথাত কোনো আন দলৰ বিসম্বাদীক আমাৰ দলত আশ্ৰয় দিব নালাগে ৷ পৌৰ নিগমৰ নিৰ্বাচন যাওক মই সাক্ষাৎকাৰতে কৈ দিম সকলো ৷" ৰমেন ডেকাই ফোনত এইদৰে ক'লে ৷ ফেচবুকত আজি এই আপডেট দিয়াই নহয় প্ৰাক্তন সাংসদ ৰমেন ডেকাই আনকি কমেণ্ট বক্সতো লিখিলে Please share this post If you agree.