• Home
  • »
  • News
  • »
  • assam
  • »
  • Sipajhar Eviction Effects Dispur : গৰুখুটি-ধলপুৰৰ উচ্ছেদিত লোক সোমাইছে দিছপুৰ সমষ্টিত; বিস্ফোৰক দাবী BJP বিধায়ক অতুল বৰাৰ

Sipajhar Eviction Effects Dispur : গৰুখুটি-ধলপুৰৰ উচ্ছেদিত লোক সোমাইছে দিছপুৰ সমষ্টিত; বিস্ফোৰক দাবী BJP বিধায়ক অতুল বৰাৰ

Atul Borah, MLA, Dispur, BJP

Atul Borah, MLA, Dispur, BJP

Sipajhar Eviction Effects Dispur : দিছপুৰৰ ক'ত ক'ত সন্দেহজনক বাংলাদেশীয়ে খুপনি পুতিছে? অতুল বৰাই ক'লে- “মই এনেয়ে চাবলৈ নাযাওঁ ৷ মই গ'লে খেদিবলৈ যাম বাংলাদেশীক ৷

  • Share this:
“ছিপাঝাৰৰ গৰুখুটি-ধলপুৰৰ পৰা নদী পাৰ হৈ আহি সন্দেহজনক নাগৰিকে দিছপুৰ সমষ্টিত সোমাইছে ৷ গৰুখুটি আৰু ধলপুৰৰ পৰা উচ্ছেদিত হোৱা মানুহে আহি খোপনি পুতিছে দিছপুৰ সমষ্টিত”- এই দাবী কৰিছে দিছপুৰৰ তথা BJPৰ জেষ্ঠ বিধায়ক অতুল বৰাই ৷

এই সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই সোমবাৰে ক'লে- “মই এনেয়ে চাবলৈ নাযাওঁ ৷ মই গ'লে খেদিবলৈ যাম বাংলাদেশীক ৷ গ'লে লগত আৰ্মী, চি আৰ পি এফ আৰু আৰক্ষীক নিব লাগিব। কামবোৰ যিহেতু আমাৰ চৰকাৰে আৰম্ভ কৰিছেই, উপায়ুক্ত,  চক্ৰবিষয়াইও কৰক।”

লগতে অতুল বৰাই ক'লে- ”আমাৰ মানুহবোৰ গুৱাহাটীত অহাৰ মানসিকতা বাঢ়িছে  সেয়ে গাঁৱবোৰ দখল কৰিছে বাংলাদেশীয়ে ৷ আগতে বাংলাদেশীয়ে চাপৰি দখল কৰিছিল ৷ এতিয়া লাহে লাহে পাহাৰো দখল কৰিবলৈ লৈছে ৷ ডিমৰীয়া, চন্দ্ৰপুৰৰ মাটি সন্দেহজনক বাংলাদেশীয়ে দখল কৰিবলৈ আৰম্ভ কৰিছে ৷ ইয়াক আমি কেতিয়াও কৰিব দিব নোৱাৰোঁ ৷”
Published by:Manjumoni Borah
First published: