গৰম বঢ়াৰ লগে লগে মাধমাৰ শোধাবলৈ আহি আছে বিদ্যুতৰ বিল (Electricity Bill)। কাৰণ ৰাজ্য চৰকাৰে পুনৰবাৰ বৃদ্ধি কৰিছে বিদ্যুতৰ মাছুল। শেহতীয়াকৈ অসম চৰকাৰে APGCL, AEGCL, ASLDC আৰু APDCLৰ বিদ্যুতৰ মাছুল ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সেই অনুসৰি অহা ১ এপ্ৰিলৰ পৰা অসমত ২০২১-২২ বৰ্ষৰ তুলনাত প্ৰতি ইউনিটত গড় হিচাপত ৫৯ পইচাকৈ মাছুল বৃদ্ধি কৰা হৈছে। জানিব পৰা মতে ৰাজ্যৰ শক্তি বিভাগে কোটি কোটি টকাৰ ৰাজহ ঘাটি পূৰাবলৈ এই সিদ্ধান্ত লৈছে।
উল্লেখ্য যে ঘৰুৱা আৰু বাণিজ্যিক সকলো প্ৰকাৰৰ বিদ্যুৎ যোগানত মাছুল বৃদ্ধf কৰা হৈছে। ফিক্সড চাৰ্জ সৰ্বনিম্ন ১০ পইছাৰ পৰা সৰ্বাধিক ৫০ পইছা (উদ্যোগৰ ক্ষেত্ৰত)লৈ বৃদ্ধি কৰা হৈছে আৰু শক্তি (Energy) মাছুল ঘৰুৱা গ্ৰাহকৰ বাবে ৪০ৰ পৰা ৪৫ পইছা আৰু অন্যান্য গ্ৰাহকৰ বাবে সৰ্বনিম্ন ২৫ পইছাৰ পৰা ৫০ পইছালৈ বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে শক্তি বিভাগৰ লোকচানৰ জোৰা মাৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভণিৰে পৰা বিল আদায়ৰ ক্ষেত্ৰত কঠোৰ ভূমিকা লৈছিল। লগতে অবৈধ সংযোগৰ বিৰুদ্ধে কিছুদিন অভিযান চলায়ো চমক দিছিল শক্তি মন্ত্ৰী বিমল বৰাই। ইমানৰ পিছতো বিভাগৰ লোকচান কম হোৱা নাছিল। ১৯১ কোটি টকা অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য চৰকাৰৰ।