• Home
  • »
  • News
  • »
  • assam
  • »
  • Steps Towards Controlling Pollution: ১০বছৰৰ ভিতৰত অসমৰ সকলো ৰাজহুৱা যান বাহন হ’ব বিদ্যুৎ চালিত...

Steps Towards Controlling Pollution: ১০বছৰৰ ভিতৰত অসমৰ সকলো ৰাজহুৱা যান বাহন হ’ব বিদ্যুৎ চালিত...

ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে বিদ্যুৎচালিত যানবাহন নীতি, অসম ২০২১ (Electric Vehicle Policy of Assam, 2021)ৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে। ২০২৬চনলৈ সকলো ইলেক্ট্রিক গাড়ীৰ পঞ্জীয়ন আৰু ৰাস্তা কৰত (Road Tax) বিশেষ ৰেহাই দিয়াৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰা হৈছে খচৰাত ।

  • Share this:
অসমত বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ আৰু জলবায়ু পৰিবৰ্তনে আনিব পৰা দুৰ্যোগলৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ বিদ্যুৎচালিত যানবাহন ব্যৱহাৰত উদগনি যোগাবলৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে এই সন্দৰ্ভত বিদ্যুৎচালিত যানবাহন নীতি, অসম ২০২১ (Electric Vehicle Policy of Assam, 2021)ৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে । এই খচৰাত কিছুমান সময় নিৰ্ধাৰিত লক্ষ্য বান্ধি লোৱা হৈছে । খচৰাত উল্লেখ থকা পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ এখন ৮জনীয়া কমিটী গঠনৰো পোষকতা কৰা হৈছে ।

প্ৰস্তাৱিত নীতি অনুসৰি বিদ্যুৎচালিত যানবাহন চলাচলৰ কাৰণে প্ৰয়োজনীয় আন্তঃগাঠনি নিৰ্মাণ কৰা হ’ব । এই খণ্ডৰ কাৰণে প্ৰয়োজনীয় দক্ষ মানৱ সম্পদ গঢ়ি তোলা হ’ব । অসমক তেনেধৰণৰ গাড়ীৰ উৎপাদনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে । লগতে অধিক মাত্ৰাত Charging Station সমূহ নিৰ্মাণ কৰা হ’ব ।

আনহাতে ২০২৬চনৰ ভিতৰত অসমত সৰ্বমুঠ পঞ্জীয়নৰ ২৫শতাংশ বিদ্যুৎচালিত গাড়ী অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । ২০৩০চনৰ ভিতৰত ১০০শতাংশ ৰাজহুৱা যানবাহন বিদ্যুৎচালিত হ’ব । ২০২৬চনলৈ সকলো ইলেক্ট্রিক গাড়ীৰ পঞ্জীয়ন আৰু ৰাস্তা কৰত (Road Tax) বিশেষ ৰেহাই দিয়াৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰা হৈছে খচৰাত । অট’ ৰিক্সা সমূহে বেটাৰী চালিত ইঞ্জিন লগাব বিচাৰিলে ১৫শতাংশলৈকে ৰেহাই দিয়াৰো পৰিকল্পনা কৰা হৈছে ।
Published by:Kokil Sarma
First published: