உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Price Rise: 'পিয়াঁজৰ দাম কমিছে, আলুৰ দাম বাঢ়িছে, গতিকে পিয়াঁজ ভাজি খাওক'

    Price Rise: 'পিয়াঁজৰ দাম কমিছে, আলুৰ দাম বাঢ়িছে, গতিকে পিয়াঁজ ভাজি খাওক'

    Price Rise: মানুহে এল'পেথিক দৰৱ বেছিকৈ খায় বাবে ঔষধৰ দাম বাঢ়িছে। সেয়ে হোমিঅ'পেথিক দৰৱ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক বৰাই। 

    Price Rise: মানুহে এল'পেথিক দৰৱ বেছিকৈ খায় বাবে ঔষধৰ দাম বাঢ়িছে। সেয়ে হোমিঅ'পেথিক দৰৱ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক বৰাই। 

    Price Rise: মানুহে এল'পেথিক দৰৱ বেছিকৈ খায় বাবে ঔষধৰ দাম বাঢ়িছে। সেয়ে হোমিঅ'পেথিক দৰৱ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক বৰাই। 

    • Share this:
    মূল্যবৃ্দ্ধি (Price Rise)ক লৈ শাসক-বিৰোধী সকলোৱে কিবা নহয় কিবা মন্তব্য কৰি আছে। যোগান মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে শাসকীয় পক্ষৰ সকলোৱে কৈছে যে দাম বৃদ্ধি ৰোধৰ বাবে ৰাজ্য চৰকাৰে কৰিব পৰা একো নাই। কেন্দ্ৰই যদি কিবা পদক্ষেপ লয় তেন্তে কিছু পৰিমাণে দাম কমিব পাৰে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ (Russia Ukraine War)ৰ অজুহাত দিও চৰকাৰে দায় সৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰা (Atul Bora)ই কৰিছে এক আজৱ মন্তব্য।

    দেওবাৰে অতুল বৰাই কয় যে সাধাৰণ জনতাই নহয়, মূল্যবৃদ্ধিৰ বাবে জুৰুলা হৈছে তেওঁ নিজেও। তেওঁ লগতে এইটোও পৰামৰ্শ দিয়ে যে যিবোৰ সামগ্ৰীৰ দাম বাঢ়িছে সেইবোৰ খাব নালাগে।

    অতুল বৰাই কয়, "পিয়াঁজ (Onion)ৰ দাম কমিছে, আলু (Potato)ৰ দাম বাঢ়িছে, গতিকে পিয়াঁজ ভাজি খাওক। আৰু যিটো সামগ্ৰীৰ দাম বাঢ়িছে সেয়া খাব নালাগে।"

    একেসময়তে "চৰকাৰী পক্ষত আছোঁ বাবেই সকলো কথা খোলাখুলিকৈ ক'ব নোৱাৰোঁ" বুলিও অকপটে স্বীকাৰ কৰে বিধায়কগৰাকীয়ে।

    ঔষধৰ মূল্যবৃদ্ধিক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অতুল বৰাই। তেওঁ কয় যে মানুহে এল'পেথিক দৰৱ বেছিকৈ খায় বাবে ঔষধৰ দাম (Medicine Price) বাঢ়িছে। সেয়ে হোমিঅ'পেথিক দৰৱ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক বৰাই।

    ইপিনে পৌৰ নিগম (Guwahati Municipal Election)ৰ নিৰ্বাচনত দিশপুৰ সমষ্টিৰ ১৮ ৱাৰ্ডতে বিজেপি (BJP) জয়ী হ'ব বুলি দাবী কৰি অতুল বৰাই কয় যে কংগ্ৰেছ (Congress) ডুবিছে, আম আদমি পাৰ্টী (AAP) উঠিছে আপে ভোট লাভ কৰিলেও জয়ী হ'ব নোৱাৰিব বুলি কয় অতুল বৰাই।
    Published by:Manjumoni Borah
    First published: