ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে উত্তাল চন্দ্ৰপুৰ। ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে শ শ পুৰুষ মহিলাৰ সত্যাগ্ৰহ। হাজংবৰী খেলপথাৰত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল হ'ল পৰিৱেশ।

GMC ৰ জাবৰ চন্দ্ৰপুৰলৈ অনা বন্ধ নোহোৱালৈ অব্যাহত থাকিব প্ৰতিবাদ।প্ৰতিবাদত অংশগ্ৰহণ শিল্পী, কলা কুশলীৰ। হাজংবৰীস্থিত ভূমি বন্দবস্তি প্ৰাধিকৰণ কাৰ্য্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ ।
ক্ৰমাৎ যেন প্ৰতিবাদৰ জ্বলন্ত অগ্নিপিণ্ডত পৰিণত হৈ পৰিছে চন্দ্ৰপুৰ। গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনাকো ভ্ৰুক্ষেপ নকৰি নিতৌ শ শ লোকে কৰিছে ধাৰাবাহিক প্ৰতিবাদ। মঙ্গলবাৰে পুৱাৰে পৰা প্ৰতিবাদ মুখৰ হৈ পৰে চন্দ্ৰপুৰ। ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে চন্দ্ৰপুৰৰ হাজংবৰী খেলপথাৰত সমবেত হৈ ৰাইজে ৰূপায়ন কৰে সত্যাগ্ৰহ কাৰ্যসূচী। প্ৰতিবাদী ৰাইজে বিভিন্ন প্ৰতিবাদী গীত, কবিতা আদি আবৃত্তি কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে ৰাইজে হাজংবৰীস্থিত ভূমি বন্দবস্তি প্ৰাধিকৰণ কাৰ্য্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ স্পষ্ট দাবী কোনো কাৰণতেই চন্দ্ৰপুৰত হবলৈ নিদিয়ে ডাম্পিং গ্ৰাউণ্ড অথবা যাবৰ নিষ্কাষণ প্ৰকল্প। কাৰ্যালয়টোত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰি উৰ্দ্ধতম কৰ্তৃপক্ষক চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন নকৰিবলৈ দাবী জনায়। কিন্তু লক্ষণীয় ভাবে কাৰ্যালয়টোত এজন কৰ্মচাৰীৰ বাহিৰে কোনো বিষয়া উপস্থিত নাছিল। যাৰ বাবে ক্ষুদ্ধ হৈ পৰে প্ৰতিবাদকাৰী সকল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|