உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বেজৰ নাকত খৰ! ৰাইজক জৰিমনা বিহা পৰিবহন বিভাগৰ বাহনৰে নাই ইঞ্চুৰেন্স! বীমা নথকাকৈয়ে ৰাজপথত দৌৰিছে ইণ্টাৰচেপ্টৰ

    বেজৰ নাকত খৰ! ৰাইজক জৰিমনা বিহা পৰিবহন বিভাগৰ বাহনৰে নাই ইঞ্চুৰেন্স! বীমা নথকাকৈয়ে ৰাজপথত দৌৰিছে ইণ্টাৰচেপ্টৰ

    যান–বাহনৰ ক্ষেত্ৰত অভিযান চলাই জনতাক বুজন পৰিমাণৰ জৰিমনা বিহা পৰিবহন বিভাগৰ নিজৰ বাহনৰ কিয় নাথাকে বীমা?

    যান–বাহনৰ ক্ষেত্ৰত অভিযান চলাই জনতাক বুজন পৰিমাণৰ জৰিমনা বিহা পৰিবহন বিভাগৰ নিজৰ বাহনৰ কিয় নাথাকে বীমা?

    যান–বাহনৰ ক্ষেত্ৰত অভিযান চলাই জনতাক বুজন পৰিমাণৰ জৰিমনা বিহা পৰিবহন বিভাগৰ নিজৰ বাহনৰ কিয় নাথাকে বীমা?

    • Share this:
    সাধাৰণ জনতাৰ বিৰুদ্ধে অভিয়ান চলাই শেহতীয়াকৈ চমক সৃষ্টি কৰিছে ৰাজ্যৰ পৰিবহন বিভাগে৷ পৰিবহন বিভাগৰ শেহতীয়া জনসজাগতাৰ বাবে ৩১ ডিচেম্বৰৰ নিশা দুৰ্ঘটনাত প্ৰাণ নগ’ল কোনো লোকৰ৷ যিটো পূৰ্বে দুৰ্ঘটনাত আটাইতকৈ অধিক লোকৰ মৃত্যুৰ সংখ্যাৰ দিন আছিল৷ ইমানলৈ সকলো ঠিকেই আছে৷ কিন্তু তাৰ মাজতে পৰিবহন বিভাগৰ এক হতাশাজনক ছবি ধৰা পৰিছে৷

    পৰিবহন বিভাগৰ অধিকাংশ বাহনৰ নাই বীমা৷ বীমা অবিহনে ৰাজপথত বাহন চলায় পৰিবহন বিভাগে৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ক্ৰয় কৰিছিল ৯খন নতুনকৈ ইণ্টাৰচেপ্টৰ বাহন৷ ক্ৰয় কৰা বাহন কেইবাখনৰ পিছে এতিয়াও নাই বীমা৷ ৯ ডিচেম্বৰত পঞ্জীয়ন কৰা বাহনৰ এতিয়ালৈ নাই বীমা৷ বীমা অবিহনে কৰ্তব্যৰত পৰিবহন বিষয়াই ইণ্টাৰচেপ্টৰ লগত লৈ চলাইছে অভিযান৷ চৰকাৰৰ নিৰ্ভৰযোগ্য এম পৰিবহন এপত ফাদিল হৈছে বিভাগটোৰ এই হতাশজনক স্বৰূপ৷

    কামৰূপ মহানগৰ জিলা AS01 EY0035 নম্বৰৰ ইণ্টাৰচেপ্টৰখনৰ নাই বীমা৷ এখন দুখন নহয়, অধিকাংশ বাহনৰ একেই অৱস্থাত৷ প্ৰশ্ন হয় চৰকাৰ আৰু সাধাৰণ জনতাৰ বাবে পৃথক নীতি নেকি? যান–বাহনৰ ক্ষেত্ৰত অভিযান চলাই জনতাক বুজন পৰিমাণৰ জৰিমনা বিহা পৰিবহন বিভাগৰ নিজৰ বাহনৰ কিয় নাথাকে বীমা?

    এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়াই কয়, ‘‘প্ৰতিখন চৰকাৰী ব্যক্তিগত বাহনৰ বীমা কৰাটো বাধ্যতামূলক। বীমা অবিহনে কোনো বাহন চলাব নোৱাৰিব ৰাজপথত। চৰকাৰী বাহনত বীমা নাথাকিলে জিলা পৰিবহন বিষয়াই নিজে জৰিমনা বিহা নিয়ম।’’
    Published by:Sanjay Kumar Das
    First published: