• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘অ’ মই মদ খাইছো, তাতে কি হ'ল?’ – নিশাৰ মহানগৰীত দুই যুৱতীৰ উদ্ভণ্ডালি, থানাৰ ভিতৰত সাংবাদিকলৈ দলিয়ালে চকী!

‘অ’ মই মদ খাইছো, তাতে কি হ'ল?’ – নিশাৰ মহানগৰীত দুই যুৱতীৰ উদ্ভণ্ডালি, থানাৰ ভিতৰত সাংবাদিকলৈ দলিয়ালে চকী!

ছুপাৰ মাৰ্কেটৰ পৰা দুয়োকে আটক কৰি দিছপুৰ থানালৈ আনে যান-বাহন আৰক্ষীয়ে। থানাৰ ভিতৰতো উদ্ভাণ্ডালি চলালে সুৰামত্ত দুই যুৱতীয়ে।

  • Share this:
ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সুৰামত্ত যুৱতীয়ে তাণ্ডৱ চলালে দিশপুৰ থানাত। নিশাৰ মহানগৰীত দিশপুৰ যান-বাহন আৰক্ষীৰ জালত সুৰামত্ত দুই যুৱতী। AR 01 N 1101 নম্বৰৰ হুণ্ডাই i10 বাহনত সুৰামত্ত হৈ ৰাজপথৰ মাজত উদ্ভণ্ডালি চলোৱাৰ অভিযোগ দুই যুৱতীৰ বিৰুদ্ধে। ছুপাৰ মাৰ্কেটৰ পৰা দুয়ুকে আটক কৰি দিছপুৰ থানালৈ আনে যান-বাহন আৰক্ষীয়ে। থানাৰ ভিতৰতো উদ্ভাণ্ডালি চলালে সুৰামত্ত দুই যুৱতীয়ে।

থানাৰ ভিতৰৰ পৰা সাংবাদিকৰ কেমেৰালৈ চেণ্ডেল আৰু চকী দলিয়ালে নিচাসক্ত যুৱতীয়ে।কেমেৰাৰ সন্মুখতে এগৰাকী যুৱতীৰ স্বীকাৰোক্তি, "অ মই মদ খাইছো, তাতে কি হ'ল?" আৰক্ষীৰ ব্ৰেথ এনালাইজাৰত সুৰাৰ পৰিমান ২০১।

তাৰ পিছতে দুই যুৱতীক GMCHত স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়ে দিছপুৰ যান–বাহন আৰক্ষীয়ে। চিকিৎসালয়ৰ ভিতৰতো চিকিৎসালয়ৰ আন ৰোগীৰ অভিভাৱকক গতিয়ালে সুৰামত্ত যুৱতীয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰনৰ ভাষ্য প্ৰদান কৰা নাই আৰক্ষীয়ে। বৰ্তমান পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে দুই যুৱতীক।
Published by:Sanjay Kumar Das
First published: