হাতত সুৰাৰ বটল লৈ এগৰাকী যুৱতীয়ে গড়চুক থানাত চলালে তাণ্ডৱ। যোৱানিশা সংঘটিত হয় এই ঘটনা। যুৱতীগৰাকীয়ে পামহীৰ পৰা গণেশপাৰালৈ যাব বুলি এজন যুৱকে বুক কৰি দিছিল উবেৰ। কিন্তু উবেৰত উঠা যুৱতীগৰাকীয়ে পাহৰি যায় নিজৰ ঠিকনা।
এনে অৱস্থাত বিপদত পৰে চালক। উপায় ৰূপে উবেৰ চালকে মাতাল যুৱতীগৰাকী গড়চুক থানালৈ লৈ আনে। কিন্তু থানাত উপস্থিত হোৱাৰ পিছতে যুৱতীগৰাকী হাতত সুৰাৰ বটল লৈ অশ্লীল গালি–গালাজ বৰ্ষণ কৰে থানাৰ আৰক্ষীক উদ্দেশ্য কৰি।
উবেৰ চালকে জানিবলৈ দিয়া মতে, ধাবাৰ পৰা যুৱতীগৰাকীক তেওঁ অনিচ্ছা সত্ত্বেও উঠাইছিল। গণেশপাৰাৰ বাথৌ মন্দিৰৰ সমীপত ঘৰ বুলি কৈ গাড়ীত উঠা যুৱতীয়ে ঠিকনা পাহৰি যায়। ইয়াৰ পিছত চালকে বুক কৰি দিয়া যুৱকগৰাকীক ফোন কৰাত তেওঁ গৈ আছো বুলি কয় যদিও বহুসময় ধৰি নহাত চালকে থানালৈ আনে। শেষত থানাই যুৱতীগৰাকীৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|