আটকাধীন দুয়োৱে ডিমাপুৰৰ পৰা AS01MC6144 নম্বৰৰ পাচলি কঢ়িয়াই অনা ডি আই বাহনৰে গুৱাহাটী লৈ আনিছিল ড্ৰাগছভৰ্তি তিনিটা চাবোনৰ কেছ।
আটকাধীন দুয়োৱে ডিমাপুৰৰ পৰা AS01MC6144 নম্বৰৰ পাচলি কঢ়িয়াই অনা ডি আই বাহনৰে গুৱাহাটী লৈ আনিছিল ড্ৰাগছভৰ্তি তিনিটা চাবোনৰ কেছ।
মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ ৰণচালি। শুকুৰবাৰে পুৱাই মহানগৰীত আৰক্ষীয়ে সম্পন্ন কৰে এক সফল ড্ৰাগছবিৰোধী অভিযান। জানিব পৰা মতে, পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ চমুকৈ SOG, ক্ৰাইম ব্ৰাঞ্চ তথা জালুকবাৰী আৰক্ষী চকীৰ এটা দলে অভিযান চলাই জালুকবাৰী ৰে'লৱে ফ্লাই অভাৰৰ সমীপত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে ছবোৰ মিয়া আৰু ৰুবিয়া খাতুন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাক আটক কৰে।
আটকাধীন দুয়োৱে ডিমাপুৰৰ পৰা AS01MC6144 নম্বৰৰ পাচলি কঢ়িয়াই অনা ডি আই বাহনৰে গুৱাহাটী লৈ আনিছিল ড্ৰাগছভৰ্তি তিনিটা চাবোনৰ কেছ। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য কেইবালক্ষাধিক টকা বুলি ধাৰণা কৰা হৈছে। আটকাধীন সৰবৰাহকাৰীকেইটাৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত NDPS আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে। অধিক তথ্যৰ বাবে এই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে SOG তথা ক্ৰাইম ব্ৰাঞ্চে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|