உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মহানগৰীত জালত পৰিল পতি–পত্নী আৰু খুলশালী, দীৰ্ঘদিন ধৰি চলাই আহিছিল নিষিদ্ধ বেহা

    মহানগৰীত জালত পৰিল পতি–পত্নী আৰু খুলশালী, দীৰ্ঘদিন ধৰি চলাই আহিছিল নিষিদ্ধ বেহা

    কটাহবাৰীৰ মছজিদ গলিত ভাড়া ৰুমত বাহৰ পাতি পতি–পত্নী আৰু খুলশালীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই বেহা।

    কটাহবাৰীৰ মছজিদ গলিত ভাড়া ৰুমত বাহৰ পাতি পতি–পত্নী আৰু খুলশালীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই বেহা।

    কটাহবাৰীৰ মছজিদ গলিত ভাড়া ৰুমত বাহৰ পাতি পতি–পত্নী আৰু খুলশালীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই বেহা।

    • Share this:
    মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতে তৎপৰ হৈছিল অসম আৰক্ষী। প্ৰত্যেক দিনাই জব্দ হৈছিল নিষিদ্ধ ড্ৰাগছ। ইয়াৰ মাজতে পুনৰ মহানগৰীত সক্ৰিয় হৈছে ড্ৰাগছ ড্ৰাগছ সৰবৰাহকাৰী। মহানগৰীৰ কটাহাবাৰীত গড়চুক আৰক্ষী আৰু ভৰলু আৰক্ষীৰ অভিযান।অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ, বহিঃৰাষ্ট্ৰৰ নিচাজাতীয় টেবলত জব্দ। নগদ ২ লাখ টকা, ৫ লক্ষাধিক টকাৰ সোণ–ৰূপৰ আ–অলংকাৰো জব্দ কৰে আৰক্ষীয়ে।কটাহবাৰীৰ মছজিদ গলিত ভাড়া ৰুমত বাহৰ পাতি পতি–পত্নী আৰু খুলশালীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই বেহা।

    ড্ৰাগছ সৰবৰাহকাৰী কুৰবান আলীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে বিগত দুটা বছৰত মহানগৰীৰ সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানৰ ড্ৰাগছ ল’বলৈ ধন নহলে ঘৰৰ পৰা চুৰি কৰি আনি দি যায় সোণ–ৰূপৰ আ–অলংকাৰৰ লগতে সোণ, ৰূপৰ মুদ্ৰা। সমান্তৰালভাৱে মন্দিৰত থকা গহণা বন্ধকত দিও ক্ৰয় কৰে নিষিদ্ধ ড্ৰাগছ।

    নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্যখনৰ ভিতৰত থকা বহু কথাই স্বীকাৰ কৰিছে ধৃত কুৰবান আলী, পত্নী চালেহা বেগম, খুলশালী হাচুৰা পাৰবিনে। কুৰবান আলীয়ে ৩০ পৰা ৪০ হাজৰ টকাৰ বিনিময়ত একোটা পেকেত তুলি দিয়ে নিচাসক্ত যুৱকৰ হাতত। নিচাজাতীয় টেবলেট আৰু ড্ৰাগছ বিক্ৰীৰ সময়ত ব্যবহৃত কৰা দুচকীয়া AS01EE 8436 নম্বৰৰ  R15 বাহন খনো জব্দ কৰে আৰক্ষীয়ে।
    Published by:Sanjay Kumar Das
    First published: