உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Cricket : গুৱাহাটীত বাহৰ পাতিছে টীম ইণ্ডিয়াৰ এক ডজনৰো অধিক ক্ৰিকেটাৰে, আজিংক্যা ৰাহানে, পৃথ্বী শ্ব, মনিষ পাণ্ডে আৰু কেইবাজনো...

    Cricket : গুৱাহাটীত বাহৰ পাতিছে টীম ইণ্ডিয়াৰ এক ডজনৰো অধিক ক্ৰিকেটাৰে, আজিংক্যা ৰাহানে, পৃথ্বী শ্ব, মনিষ পাণ্ডে আৰু কেইবাজনো...

    গুৱাহাটী ভ্ৰমণত আজিংক্যা ৰাহানে, পৃথ্বী শ্ব, শিৱম ডুবে, ঋদ্ধিমান সাহা, মায়াংক আগৰৱাল, মনিষ পাণ্ডেকে ধৰি আন একাধিক ক্ৰিকেটাৰ...

    গুৱাহাটী ভ্ৰমণত আজিংক্যা ৰাহানে, পৃথ্বী শ্ব, শিৱম ডুবে, ঋদ্ধিমান সাহা, মায়াংক আগৰৱাল, মনিষ পাণ্ডেকে ধৰি আন একাধিক ক্ৰিকেটাৰ...

    গুৱাহাটী ভ্ৰমণত আজিংক্যা ৰাহানে, পৃথ্বী শ্ব, শিৱম ডুবে, ঋদ্ধিমান সাহা, মায়াংক আগৰৱাল, মনিষ পাণ্ডেকে ধৰি আন একাধিক ক্ৰিকেটাৰ...

    • Share this:
    ৪ নৱেম্বৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব বিচিচিআই (BCCI)ৰ অধীনৰ ছৈয়দ মুষ্টাক আলি টী-২০ ক্ৰিকেট (Syed Mustak Ali T-20 Cricket)। সম্মানীয় এই প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে তাৰকা ক্ৰিকেটাৰৰ সমাহাৰ ঘটিছে গুৱাহাটীত। গুৱাহাটীত বাহৰ পাতিছে আজিংক্যা ৰাহানে, পৃথ্বী শ্ব, শিৱম ডুবে, ঋদ্ধিমান সাহা, মায়াংক আগৰৱাল, মনিষ পাণ্ডেকে ধৰি আন একাধিক ক্ৰিকেটাৰ।

    গুৱাহাটীত বাহৰ পাতিছে টীম ইণ্ডিয়াৰ এক ডজন ক্ৰিকেটাৰে। ৪ নৱেম্বৰৰ পৰা দেশৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীৰ বর্ষাপাৰা আৰু নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিচিচিআইৰ অধিনৰ ছৈয়দ মুষ্টাক আলী টি-২০ ক্ৰিকেট। এই মুষ্টাক আলী টি-২০ খেলিবলৈ গুৱাহাটীলৈ আহিছে এইসকল খেলুৱৈ। বিচিচিআইৰ টি-২০ ফৰ্মেটৰ প্ৰধান প্ৰতিযোগিতাখনৰ প্ৰস্তুতি সম্পৰ্কত NEWS18 অসম নৰ্কথ-ইষ্টক সবিশেষ জনায় অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই।

    কোভিড  প্ৰট'কল অনুযায়ী অনুষ্ঠিত হ'ব খেল। দৰ্শক, সাংবাদিক, ফটো সাংবাদিক আৰু অফিছ ষ্টাফো যাব নোৱাৰিব ষ্টেডিয়ামলৈ। ২৭ অক্টোবৰতে গুৱাহাটীলৈ অহা মুম্বাই, বংগ, কৰ্ণাটক, বৰোডা, চট্টিছগড়ৰ ক্ৰিকেটাৰে হোটেলতে তিনিদিন কোৱাৰাইন্টাইনত আছিল। দেশৰ আগশাৰীৰ ৰাজ্যৰ মাজৰ টি-২০ খেল অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈছে অসম ক্ৰিকেট।
    Published by:Manjumoni Borah
    First published: