মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতাক লৈ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা বিশেষ খবৰে সকলোকে বিস্মিত কৰিছে। প্ৰকাশিত খবৰ অনুসৰি বন্দনা কলিতাই আৰক্ষী জিম্মাত থকা অৱস্থাত খাদ্যৰ সৈতে বিচাৰিছে চিকেন।
সূত্ৰটোৱে প্ৰকাশ কৰা মতে, বন্দনাই থানাত নিৰামিষ আহাৰৰ পৰিৱৰ্তে বিচাৰিছে আমিষ খাদ্য। আমিষ খাদ্য অবিহনে বন্দনাৰ মুখলৈ নাযায় ভাত (Guwahati Double Murder)। সেয়ে তেওঁ বিচাৰিছে চিকেন। এই কথা বিশেষ গুৰুত্বপূৰ্ণ নহয় যদিও ৰাজ্য জোকাৰি যোৱা এটা নাৰকীয় ঘটনাৰ খলনায়িকা বন্দনাই চাঞ্চল্য-উত্তেজনাৰ দিনবোৰৰ মাজতো খাদ্যাভাস সলনি কৰিব নিবিচৰা কথাটো গুৰুত্বপূৰ্ণ। আন এক তথ্য অনুসৰি বন্দনাৰ মুখাৱয়বত লেশমানো পৰিস্ফুট নহয় অনুশোচনা।
উল্লেখ্য, দুই বন্ধুৰে মিলি স্বামী আৰু শাহুৱেকক হত্যা কৰা খলনায়িকা বন্দনা কলিতাই এই ঘটনাক গাপ দিয়াৰ বাবে নিজে স্বামী-শাহুৱেক নিৰুদ্দেশ বুলি এজাহাৰ দাখিল কৰিছিল। আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবে লৈছিল ভিন্ন কৌশল। কিন্তু এয়া সকলো অসাৰ প্ৰতিপন্ন হয় আৰু আৰক্ষীৰ জালত সোমাই পৰে তেওঁ। শাহুৱেকৰ মৃতদেহ পেলোৱা স্থানলৈ গৈ আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহৰ অংশ চিনাক্ত কৰে বন্দনা আৰু দুই অভিযুক্ত ধনটি আৰু অৰূপে। এই সমস্ত ঘটনাই ৰাজ্যত দুদিন ধৰি চাঞ্চল্যকৰ পৰিৱেশৰ জন্ম দিছে যদিও অবিচলিত বন্দনা। হয়তো এই আবেগ-অনুশোচনাহীনতাই নিষ্ঠুৰ ৰূপে পৰিচিত কৰা বন্দনাই সেয়ে বিচাৰিব পাৰিছে থানাৰ লকআপৰ ভিতৰতো চিকেন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।