গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অ্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। আজি পুনৰ বন্দনা আৰু আন দুই অভিযুক্তক লগত লৈ আৰক্ষীয়ে ডাউকীত অভিযান চলোৱাৰ সম্ভাৱনা আছে। পুৱাই পাণবজাৰ মহিলা থানাৰ পৰা বন্দনা কলিতাক উলিয়াই নিয়া হৈছে। অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানত মেঘালয়ত অভিযান চলাব পাৰে আৰক্ষীয়ে।
শংকৰী দে’ৰ মুণ্ডহীন মৃতদেহ চেৰাপুঞ্জীৰ পৰা উদ্ধাৰ কৰাৰ পিছত অমৰজ্যোতিৰ মৃতদেহৰ কিছু অংশ ডাউকীৰ পৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু সম্পূৰ্ণ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে। সেয়েহে আজি পুনৰ তিনি অভিযুক্তক লগত লৈ আৰক্ষীয়ে অভিযান চলোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে সম্পত্তিৰ লালসাত বন্দনা কলিতাই শাহু আৰু স্বামীক হত্যা কৰিছিল বন্দনা কলিতাই। হত্যা কৰি মেঘালয়ত অৰূপ আৰু ধনটিৰ সহযোগত পলিথিনত ভৰাই পেলাই দিছিল মৃতদেহ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 25, 2023, 08:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।