গুৱাহাটীৰ এপ’ল হাস্পতালৰ চিকিত্‍সক কোৰোণাত আক্ৰান্ত

News18 Assam | News18-Assam
Updated:June 20, 2020, 1:27 PM IST
গুৱাহাটীৰ এপ’ল হাস্পতালৰ চিকিত্‍সক কোৰোণাত আক্ৰান্ত
ক্ৰমাত্‍ জটিল হৈছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি।

ক্ৰমাত্‍ জটিল হৈছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি।

  • Share this:
ৰাজ্যত এতিয়াও অব্যাহত আছে কোৰোণা ভাইৰাছৰ আতংক। ক্ৰমাত্‍ জটিল হৈছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি। এইবাৰ কোৰোণাত আক্ৰান্ত হৈছে এপ'ল হস্পিতালৰ এগৰাকী চিকিৎসক। চিকিত্‍সকগৰাকীৰ নাম ডা০ ধ্ৰুৱজ্যোতি দত্ত। এপ’ল হাস্পতালৰ হৃদৰোগ বিভাগৰ চিকিত্‍সক ডা০ ধ্ৰুৱজ্যোতি দত্ত। চিকিত্‍সকগৰকীৰ দেহত শুকুৰবাৰে নিশা ধৰা পৰে কোৰোণাৰ অৱস্থিতি।

ধ্ৰুৱজ্যোতি দত্তৰ লগতে তেওঁৰ পত্নী ডা০ স্মৃতি পাঠকৰ দেহতো ধৰা পৰে কোৰোণাৰ অৱস্থিতি। ডা০ স্মৃতি পাঠক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ পেথ’লজী বিভাগৰ চিকিত্‍সক। বৰ্তমান দুয়ো গৰাকীক GMCHত ভৰ্তি কৰোৱা হৈছে।

 
First published: June 20, 2020, 1:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি