• Home
  • »
  • News
  • »
  • assam
  • »
  • Diwali 2021: সন্মুখত পোহৰৰ উৎসৱ দিপাৱলী, দিপাৱলীৰ সময়ত প্ৰদুষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ শেনচকু থাকিব ফটকা ফুটুৱাৰ ওপৰত ...

Diwali 2021: সন্মুখত পোহৰৰ উৎসৱ দিপাৱলী, দিপাৱলীৰ সময়ত প্ৰদুষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ শেনচকু থাকিব ফটকা ফুটুৱাৰ ওপৰত ...

Diwali 2021: এইবাৰৰ দীপাৱলীত ফুটাব নোৱাৰিব ১২৫ ডেচিবেলৰ ওপৰৰ শব্দ প্ৰাবল্যৰ ফটকা ৷ ২৯অক্টোবৰৰ পৰা উচ্চ প্ৰাবল্যৰ ফটকা মজুত ৰখা স্থানত অভিযান চলাব জিলা প্ৰশাসন আৰু প্ৰদুষণ নিয়ন্ত্ৰণ বোৰ্ডে ৷ নিউজ 18ক সোমবাৰে এই কথা জনালে পৰিৱেশ বিজ্ঞানী মনোজ কুমাৰ শইকীয়াই ৷

  • Share this:
নোৱাৰিব ৷ এইবাৰৰ দীপাৱলীত ফুটাব নোৱাৰিব ১২৫ ডেচিবেলৰ ওপৰৰ শব্দ প্ৰাবল্যৰ ফটকা ৷ ২৯অক্টোবৰৰ পৰা উচ্চ প্ৰাবল্যৰ ফটকা মজুত ৰখা স্থানত অভিযান চলাব জিলা প্ৰশাসন আৰু প্ৰদুষণ নিয়ন্ত্ৰণ বোৰ্ডে ৷ নিউজ 18ক সোমবাৰে এই কথা জনালে পৰিৱেশ বিজ্ঞানী মনোজ কুমাৰ শইকীয়াই ৷

বায়ু আৰু শব্দ প্ৰদুষণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে ২০০৬ চনতে জাৰি কৰি থৈছে নিষেধাজ্ঞা ৷ সেই নিষেধাজ্ঞাৰ ভিত্তিতে ইতিমধ্যে জিলাসমূহকো জাৰি কৰা হৈছে নিৰ্দেশনা ৷ নিশা ১০বজাৰ পৰা পুৱা ছয় বজালৈকে সকলো ধৰণৰ ফটকা ফুটুৱাৰ ওপৰতে জাৰি হৈছে নিৰ্দেশনা ৷ দীপাৱলীৰ এসপ্তাহ পূৰ্বৰ পৰা প্ৰদুষণ নিয়ন্ত্ৰণ বোৰ্ডে পৰীক্ষা কৰিব বায়ু ৷ এই পৰীক্ষা দীপাৱলীৰ এসপ্তাহ পিছলৈকে চলি থাকিব বুলি জনালে পৰিৱেশ বিজ্ঞানী মনোজ কুমাৰ শইকীয়াই ৷ মিঠাতেলৰ চৰা দাম হ'লেও মাটিৰ চাকি জ্বলাই পোহৰৰ উৎসৱ পালন কৰিবলৈ আহ্বান প্ৰদুষণ নিয়ন্ত্ৰণ বোৰ্ডৰ ৷ কোভিড ৰোগীৰ বাবেও কিমান ক্ষতিকাৰক হ'ব পাৰে শব্দ আৰু বায়ু প্ৰদুষণ সেই কথাও উনুকিয়ালে বিজ্ঞানী শইকীয়াই ৷ "আহক এইবাৰৰ দীপাৱলী আমি সেউজ দীপাৱলী হিচাপে পালন কৰোঁ ৷ পৰিৱেশৰ আয়ুস বৃদ্ধি আপুনি মই আমি সকলোৱে অলপ হ'লেও যোগাও অৰিহনা ৷ মানুহে হয়তো ক'ব মিঠাতেলৰ চৰা দাম কেনেকৈ জ্বলাম মাটিৰ চাকি ৷ কিন্তু সেই একেখিনি মানুহেই ৰং বিৰঙী লাইট লগাবলৈ কুণ্ঠাবোধ নকৰে ৷ আনকি ফটকাৰ নামত খৰচ কৰিবলৈও পিছ হুহকি নাহে ৷ মাটিৰ চাকি জ্বলাই প্ৰকৃতাৰ্থত পোহৰৰ উৎসৱটি পালন কৰিলে নতুন চামো উৎসাহিত হ'ব ৷"—মনোজ কুমাৰ শইকীয়া
Published by:Kokil Sarma
First published: