• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Hit & Run Case | পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে নিশাৰ মহানগৰীত দুৰ্ঘটনা সংঘটিত কৰা মডেল! কাইলৈৰ ভিতৰত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ

Guwahati Hit & Run Case | পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে নিশাৰ মহানগৰীত দুৰ্ঘটনা সংঘটিত কৰা মডেল! কাইলৈৰ ভিতৰত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ

১ অক্টোবৰৰ নিশা সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল মডেলগৰাকীৰ বিৰুদ্ধে৷

১ অক্টোবৰৰ নিশা সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল মডেলগৰাকীৰ বিৰুদ্ধে৷

১ অক্টোবৰৰ নিশা সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল মডেলগৰাকীৰ বিৰুদ্ধে৷

  • Share this:
পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা! দিছপুৰ আৰক্ষীয়ে ৰাজকন্যালৈ জাৰি কৰিছে চমন। ৰাজকন্যাক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি। কাইলৈৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ।আৰক্ষীয়ে ঘৰত বিচাৰি গৈছিল ৰাজকন্যাক। কিন্তু ৰাজকন্যাৰ ঘৰত ওলমি আছে তলা। অসুস্থতাৰ দোহাই দি জি এন আৰ চিত ভৰ্তি হৈ আছে ৰাজকন্যা। হাস্পতাললৈ গৈ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে।

উল্লেখযোগ্য যে ১ অক্টোবৰৰ নিশা সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল মডেলগৰাকীৰ বিৰুদ্ধে৷ তাৰ পিছদিনাই ৰাজকন্যাই লাভ কৰিছিল জামিন ৷ কিন্তু কাৰ বাবে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিছিল তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন। অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে।

ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আৱৰ্তলৈ অহা দিশপুৰ আৰক্ষীৰ দুই বিষয়া আভাৰাণী গগৈ, ছাহিৰ আলীক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে৷ আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা স্পষ্ট কৰি দিছে ৰাজকন্যা বৰুৱাক জামিনৰ সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা মানেই বিপদ ৷ সাৰি যাব নোৱাৰিব ৰাজকন্যাক সহায় কৰা আৰক্ষী ৷

সেয়েহে এতিয়া শ’লঠেকত পৰিছে দিছপুৰ আৰক্ষী। উপায়ন্তৰ হৈ পুনৰ চমন জাৰি কৰিলে ৰাজকন্যালৈ। নিৰ্দেশ দিলে থানাত হাজিৰ হোৱাৰ। শ্ৰমিকৰ জীৱনলৈ অন্ধকাৰ নমাই অনা এইগৰাকী মডেলৰ বিৰুদ্ধে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে কি পদক্ষেপ লয় তালৈ নজৰ থাকিব সকলোৰে।
Published by:Sanjay Kumar Das
First published: