মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জালত পৰিল মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জাল কৰি ৱৰ্ক অৰ্ডাৰ বনোৱা ইমৰান শ্বাহ চৌধৰী, দিল্লীত গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে

জালত পৰিল মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জাল কৰি ৱৰ্ক অৰ্ডাৰ বনোৱা ইমৰান শ্বাহ চৌধৰী, দিল্লীত গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে

News18 Assam | News18-Assam
Updated:September 13, 2021, 3:59 PM IST
জালত পৰিল মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জাল কৰি ৱৰ্ক অৰ্ডাৰ বনোৱা ইমৰান শ্বাহ চৌধৰী, দিল্লীত গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে
সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে দিল্লীত গৈ আত্মগোপন কৰিছিল ইমৰান শ্বাহ চৌধৰীয়ে৷

সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে দিল্লীত গৈ আত্মগোপন কৰিছিল ইমৰান শ্বাহ চৌধৰীয়ে৷

  • News18 Assam
  • Last Updated: September 13, 2021, 3:59 PM IST
  • Share this:
কিছুদিন পূৰ্বে লোহিত কনষ্ট্ৰাকচনে জনস্বাস্থ্য কাৰিকৰী বিভাগত দাখিল কৰা এখন ৱৰ্ক অৰ্ডাৰত মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ প্ৰত্যক্ষ কৰিছিল বিভাগৰ লোকে ৷ লগে লগে বিভাগৰ ফালৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অৱগত কৰাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰত দাখিল কৰে এক এজাহাৰ৷ তদন্ত চলাবলৈ গৈ প্ৰথমে দিছপুৰ আৰক্ষীয়ে লোহিত কনষ্ট্ৰাকচনৰে জড়িত ৪জন ঠিকাদাৰ ক্ৰমে বিনীত পোড্ডাৰ, দীপজ্যোতি দত্ত, জয়মিনি মোহন আৰু পংকজ গগৈক আটক কৰিছিল৷ চাৰিওগৰাকী ঠিকাদাৰক সোধা–পোছা কৰাত ওলাই পৰিছিল কেনেদৰে ইমৰান শ্বাহ চৌধৰীয়ে মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰি বনাই দিছিল ৱৰ্ক অৰ্ডাৰ৷

সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে দিল্লীত গৈ আত্মগোপন কৰিছিল ইমৰান শ্বাহ চৌধৰীয়ে৷ ইমৰানক আটক কৰাৰ উদ্দেশ্যে দিল্লীত গৈ দিছপুৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে বাৰম্বাৰ ঠাই সলনি কৰিছিল ইমৰানে৷ অৱশেষত ইমৰানক দিল্লীত ঠাই সলনি কৰাত সহায় কৰা ৰাজীৱ চৌধৰীসহ ইমৰান শ্বাহ চৌধৰীক গ্ৰোপ্তাৰ কৰিবলৈ সক্ষম হয় দিছপুৰ আৰক্ষীয়ে৷

দিল্লীৰ সমান্তৰালকৈ গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিলীপ দাস নামৰ ইমৰানৰ আন এজন সহযোগীক৷ দিলীপ দাস, অনুপম চৌধৰী আৰু প্ৰকাশ বসুমতাৰী নামৰ ৩ প্ৰৱঞ্চকে মুখ্যমন্ত্ৰীৰ প্ৰকৃত চহী কালেকচন কৰি আনি দিছিল ইমৰান শ্বাহ চৌধৰীক৷

সম্প্ৰতি মাষ্টাৰমাইণ্ড ইমৰানক দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ অনাৰ বিপৰীতে আন দুই প্ৰৱঞ্চক ক্ৰমে অনুপম চৌধৰী আৰু প্ৰকাশ বসুমতাৰীক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: September 13, 2021, 3:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি