দিছপুৰৰ বিধায়ক অতুল বৰাৰ দাবী মাথোন দিছপুৰ নহয়, গুৱাহাটী উচ্চ ন্যায়ালয় দখল কৰিব বহিঃৰাজ্যই...
দিছপুৰৰ বিধায়ক অতুল বৰাৰ দাবী মাথোন দিছপুৰ নহয়, গুৱাহাটী উচ্চ ন্যায়ালয় দখল কৰিব বহিঃৰাজ্যই...
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সতৰ্কবাণী দিছপুৰৰ বিধায়ক অতুল বৰাৰ ৷ দুদিন পূৰ্বে নাগালেণ্ড দিছপুৰ দখলৰ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ ঠিক পিছত এইবাৰ আৰু এখোপ চৰা মন্তব্য অতুল বৰাৰ ৷ বৰাৰ দাবী মাথোন দিছপুৰ নহয় গুৱাহাটী উচ্চ ন্যায়ালয় দখল কৰিব বহিঃৰাজ্যই ৷
সাত ভনীৰ মৰমৰ চানেকি প্ৰদান কৰে অসমে কিন্তু অসমক বিপৰীত চকুৰে প্ৰত্যক্ষ কৰে মেঘালয়, মিজোৰাম, নাগালাণ্ডে ৷ সেয়ে যিকোনো সময়ত সীমান্ত ভেদ কৰি হয় দিছপুৰ নহয় উচ্চ ন্যায়ালয় দখল কৰিব পাৰে বহিঃৰাজ্যই বুলি মন্তব্য কৰে অতুল বৰাই ৷ আমাৰ সংঘাত নগা, মিজো লোক নহয়, আমাৰ সংঘাত নাগালেণ্ড, মেঘালয়, মিজোৰামৰ মুখ্যমন্ত্ৰী ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে হ'বলগীয়া আলোচনা, মীমাংসা, সমাধান যি ধৰণে হ'ব লাগিছিল সেয়া হোৱা নাই ৷ যাৰ পৰিণতি অসমৰ সীমান্তৰ ৰাজ্যৰ সৈতে সীমা সমস্যা ৷
ইপিনে অতুল বৰাৰ সুৰতে সুৰ মিলাই সদৌ অসম দুৰ্নীতি যুৱ শক্তিয়ে ক'লে অসমৰ সীমা সমস্যা ৰোধত দুৰ্বল স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মেঘালয়, মিজোৰামৰ মুখ্যমন্ত্ৰীক জৱাবদিহি কৰিব নোৱাৰিলে হিমন্ত বিশ্বই ৷ আৰক্ষীক শিল গুটি দলিওৱা প্ৰসংগত যদি NIA তদন্ত হয় তেন্তে আৰক্ষী নিহত কৰা ঘটনাৰ কিয় নহয় উচ্চ পৰ্য্যায়ৰ তদন্ত ৷ নিজকে দুৰ্বল মুখ্যমন্ত্ৰী ৰূপে চিনাকি দিব বিচাৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? প্ৰশ্ন দুৰ্নীতি যুৱ শক্তিৰ ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|