• Home
  • »
  • News
  • »
  • assam
  • »
  • দিছপুৰ সমষ্টিত অবাধ হাৰত বনাঞ্চল ধ্বংস, পক্ষী নিধন ! খঙত অগ্নিশৰ্মা শাসকীয় দলৰ বিধায়ক অতুল বৰাৰ বনাঞ্চলিক বিষয়াক অপসাৰণৰ দাবী ... 

দিছপুৰ সমষ্টিত অবাধ হাৰত বনাঞ্চল ধ্বংস, পক্ষী নিধন ! খঙত অগ্নিশৰ্মা শাসকীয় দলৰ বিধায়ক অতুল বৰাৰ বনাঞ্চলিক বিষয়াক অপসাৰণৰ দাবী ... 

ডিমৰীয়াত অব্যাহত থকা বন ধ্বংসযজ্ঞ সন্দৰ্ভত সৰৱ হ'ল এইবাৰ দিশপুৰৰ বিধায়ক অতুল বৰা। খঙত অগ্নিশৰ্মা হৈ বিধায়ক গৰাকীয়ে সোণাপুৰৰ বনাঞ্চলিক বিষয়াক অন কেমেৰা দাবী উত্থাপন কৰিলে অপসাৰণৰ।

  • Share this:
ডিমৰীয়াত অব্যাহত থকা বন ধ্বংসযজ্ঞ সন্দৰ্ভত সৰৱ হ'ল এইবাৰ দিশপুৰৰ বিধায়ক অতুল বৰা। খঙত অগ্নিশৰ্মা হৈ বিধায়ক গৰাকীয়ে সোণাপুৰৰ বনাঞ্চলিক বিষয়াক অন কেমেৰা দাবী উত্থাপন কৰিলে অপসাৰণৰ।

দিছপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত অব্যাহত থকা বন ধ্বংস যজ্ঞৰ বাবে প্ৰত্যক্ষভাৱে সোণাপুৰৰ বনাঞ্চলিক বিষয়াগৰাকীক দোষাৰোপ কৰি কয় যে ,সোণাপুৰৰ ৰেঞ্জাৰ ফিৰফিলা বসুমতাৰীৰ নেতৃত্বতে এতিয়া আৰম্ভ হৈছে পাহাৰৰ অবৈধ ৰঙামাটি খননৰ ওপৰিও বনৰীয়া পক্ষীৰ নিধন কাৰ্য্য। অঞ্চলটোত চলি থকা পক্ষী নিধন সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে, ক্ষেত্ৰীৰ ঐতিহাসিক জালিশৰা বিলৰ পাৰত ডাঃ  কলিতা নামৰ এজন লোকে প্ৰায় চাৰিশ বিঘা কৃষি ভূমিত ওখ পকীদেৱাল নিৰ্মান কৰি তাৰ ভিতৰত পুখুৰী খান্দি সেই পুখুৰীৰ পাৰত আৰম্ভ কৰিছে বনৰীয়া পক্ষী নিধনৰ দুষ্কাৰ্য্য । এই পক্ষীনিধনৰ বিষয়ে সোণাপুৰৰ বনাঞ্চলিক বিষয়াগৰাকীক স্থানীয় লোকে অৱগত কৰাৰ পিছত আজি উক্ত ঘটনাৰ তদন্ত কৰিবলৈ গৈ  মাত্ৰ সৌজন্যতামূলক পৰিদৰ্শনেৰে ৰেঞ্জাৰ গৰাকী নিজৰ দায়িত্ব সামৰি চৌহদৰ ভিতৰতো আনকি সোমোৱাৰ সাহস নকৰি কেৱল প্ৰৱেশ পথৰ পৰাই উভতি আহে। যি কাৰ্য্যই এই অবৈধ পক্ষী নিধন কাৰ্য্যৰ লগত ৰেঞ্জাৰ গৰাকী জড়িত থকাৰ উমান পোৱা গৈছে। কেৱল এয়াই নহয় এই গৰাকী ডাঃ কলিতাই চৌহদতোৰ ভিতৰত বিগত এবছৰ ধৰি অবৈধভাৱে বালি খনন কৰি লাখ -লাখ টকা উপাৰ্জন কৰা বুলিও মন্তব্য কৰে বিধায়ক বৰাই। পেছাত এগৰাকী পশু চিকিৎসক হিচাপে পৰিচিত ডাঃ শৈলেন কলিতাই কাৰ্বি আংলঙত চৰকাৰী চাকৰি কৰি প্ৰায় চাৰিশ কোটি টকা লুণ্ঠন কৰি এই বিশাল সম্পতিৰ পাহাৰ গড়া বুলিও বিস্ফোৰক মন্তব্য কৰে বিধায়ক অতুল বৰাই। এনে এজন দূৰ্নিতিত লিপ্ত ব্যক্তিৰ লগত সোণাপুৰৰ বনাঞ্চলিক বিষয়া গৰাকীয়ে মিতিৰালি কৰি ঘটিছে লাখ লাখ টকা। এই ক্ষেত্ৰত ৰাজ্যৰ বন মন্ত্ৰী গৰাকীক শীঘ্ৰেই এক উচিত পদক্ষেপ গ্ৰহণ কৰি বনাঞ্চলিক বিষয়াগৰাকীক অপসাৰনৰ দাবী উত্থাপন কৰিছে। অন্যথা আহিবলগীয়া দিনত এইগৰাকী বনাঞ্চলিক বিষয়াই এফালৰ পৰা বনজ সম্পদ শেষ কৰি যাব বুলি তেওঁ কয়।
Published by:Kokil Sarma
First published: