বেংক অৱ বৰোডাই দিছপুৰ মহাবিদ্যালয়ক ঘূৰাই দিব ৭৬ লাখ টকা ৷আৰক্ষীৰ আগত নিজৰ ভুল স্বীকাৰ বেংক কৰ্তৃপক্ষৰ।
বেংক অৱ বৰোডাই দিছপুৰ মহাবিদ্যালয়ক ঘূৰাই দিব ৭৬ লাখ টকা ৷আৰক্ষীৰ আগত নিজৰ ভুল স্বীকাৰ বেংক কৰ্তৃপক্ষৰ।
অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিব বাধ্য হল বেংক অৱ বৰোডাৰ দিছপুৰ শাখাৰ প্ৰবন্ধক ৰাজেশ কুমাৰ সিনহাই ৷বেংক কৰ্তৃপক্ষৰ ভুলৰ বাবে দিছপুৰ মহাবিদ্যালয়ৰ নামত শাখাটোত থকা একাউন্টৰ পৰা কোনো অজ্ঞাত লোকে সৰকাই নিয়ে ৭৬লাখ টকা ৷
মহাবিদ্যালয়খনৰ অধ্যক্ষৰ অভিযোগৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই শুক্ৰবাৰে দিছপুৰ আৰক্ষীয়ে সোধাপোচাৰ বাবে আটক কৰিছিল বেংকটোৰ শাখা প্ৰবন্ধক সহ দুই মহিলা কৰ্মচাৰীক ৷ তিনিও আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল নিজৰ ভুলৰ কথা ৷যাৰ বাবে বিভাগৰ ফালৰ পৰা মহাবিদ্যালয়খনক হৰলুকি হোৱা সমুদায় ধন ঘূৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে ৷বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা লিখিত প্ৰএ লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিল মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী ৷মহাবিদ্যালয়খনৰ অধ্যক্ষই ধন্যবাদ জনালে তদন্তকাৰী বিষয়াক ৷আৰু কলে অচিৰে জালত পৰিব সমগ্ৰ কেলেংকাৰীৰে জড়িত মূল অভিযুক্ত ৷বেংক কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰিলেও এই পৰ্যন্ত কিন্ত জালত পেলাব সক্ষম হোৱা নাই বেংক কতৃপক্ষৰ চকুল ধুলি দি মহাবিদ্যালয়খনৰ ৭৬লাখ টকা আত্মসাৎ কৰা মাষ্টাৰমাইণ্ডক ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|